Breaking

বঙাইগাঁৱত দুৰ্ঘটনাত নিহত মাতৃক সাৱটি কণমানি সোণালী বান্দৰৰ পোৱালী এটিয়ে কান্দি থকা দৃশ্যই সেমেকাই তোলে হৃদয়বান লোকক

0 68

বঙাইগাঁও জিলাৰ কাকৈজানাত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা নামি অহা এটি দুষ্প্ৰাপ্য সোণালী বান্দৰৰ ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছত মৃত মাতৃক সাৱটি কণমানি পোৱালীয়ে কান্দি থকা দৃশ্যই শুকুৰবাৰে প্ৰতিজন হৃদয়বান লোকৰ চকু সেমেকাই তোলে৷

উল্লেখ্য যে খাদ্যৰ সন্ধানত কাকৈজানা বনাঞ্চলৰ পৰা নামি অহা দুষ্প্ৰাপ্য সোণালী বান্দৰৰ এটি জাকে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওঁতেই তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত হয় সোণালী বান্দৰটো৷ ইপিনে দুৰ্ঘটনাৰ ফলত ৰাজ পথত পৰি থকা মৃত মাতৃক সাৱটি কণমানি পোৱালি এটিয়ে কান্দি থকাত উপস্থিত সকলোৰে চকু সেমেকাই তোলে৷

পিছত ঘটনাস্থলীত অভয়াপুৰী আঞ্চলিক বনবিভাগৰ লোক উপস্থিত হৈ সোনালী বান্দৰটোৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ আনহাতে পোৱালিটোকো উদ্ধাৰ কৰে৷ উল্লেখ্য যে কাকৈজানাৰ উক্ত ৰাষ্ট্ৰীয় ঘাইপথত ইয়াৰ পূৰ্বেও তীব্ৰ বেগী বাহনৰ খুন্দাত কেইবাটাও দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যু ঘটিছে।

স্থানীয় ৰাইজে সোণালী বান্দৰৰ সুৰক্ষাৰ স্বাৰ্থত উক্ত পথছোৱাত বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰাৰ নিৰ্দেশ জাৰি কৰি ফলক আঁৰি দিয়াৰ লগতে দুষ্প্ৰাপ্য সোণালী বান্দৰৰ যাতায়তৰ বাবে নিৰ্দ্দিষ্ট ক’ৰিডৰ নিৰ্মাণ কৰি দিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে ৷ ইপিনে দুৰ্ঘটনাত দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে সেউজ মাণিকপুৰে৷

এক প্ৰেছটোকাত সেউজ মাণিকপুৰৰ হৈ মহীধৰ ৰায়ে উল্লেখ কৰা মতে বন বিভাগ তথা চৰকাৰক সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে বাৰে বাৰে আবেদন নিবেদন কৰি আহিছে যদিও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই৷ অবিভক্ত গোৱালপাৰাৰ গৌৰৱ তথা বিলুপ্তিপ্ৰায় প্ৰাণী হ’ল এই সোণালী বান্দৰ আৰু এই সোণালী বান্দৰ মাহত দুটাৰ পৰা তিনিটা ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত নাইবা উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যুক সাৱটি ল’বলগীয়া হয়৷

শুকুৰবাৰেও পুৱা আকৌ এটা সোণালী বান্দৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত মৃত্যু হ’য় ৷ আমি সেউজ মাণিকপুৰে দুখ প্ৰকাশ কৰাৰ লগতে অতি সোনকালে সোণালী বান্দৰ ক’ৰিডৰ চিহ্নিত কৰি বেনাৰ- পোষ্টাৰ মৰিব লাগে ( Drive slow Golden langur ) আৰু লগতে ক’ৰিডৰত পৰিক্ষামূলক ভাবে অভাৰ ব্ৰীজৰ ব্যৱস্থা কৰিব লাগে যাতে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’ব পাৰে৷ এনেকৈ যদি সোণালী বান্দৰৰ মৃত্যু হৈ থাকে, তেতিয়াহলে অনাগত ভবিষ্যতত পিছৰ প্ৰজন্মই সোণালী বান্দৰ মিউজিয়ামত চাব লাগিব৷

এটা গড়ৰ মৃত্যু হলে সমগ্ৰ অসমবাসীয়ে হুলস্থূল কৰে, কিন্তু সোণালী বান্দৰৰ মৃত্যু হলে চৰকাৰ, বন বিভাগৰ সাৰ সুৰ নাই৷ গড় পৃথিৱীৰ বহুত দেশত পোৱা যায়, কিন্তু সোণালী বান্দৰ অকল অবিভক্ত গোৱালপাৰাত পোৱা যায়৷ তাৰোপৰি সোণালী বান্দৰ বিটিআৰ পৰিবহণৰ চিহ্ন৷

সোণালী বান্দৰক বচাই ৰক্ষা আমাৰ দ্বায়িত্ব আৰু কৰ্তব্য ৷ নামনি অসমৰ পৰ্যটনৰ এক মাত্ৰ উৎস আৰু ৰাজহ দিব পৰা প্ৰাণীৰ বাবেই দেশ- বিদেশৰ পৰ্যটক নামনি অসম তথা বৰপেটা, বঙাইগাঁও, কোকোৰাঝাৰ আদি জিলাত আহে৷ চৰকাৰ তথা বনবিভাগলৈ কাতৰ অনুৰোধ যিকোনো বিনিময়ত যাতে প্ৰাণীবিধ ৰক্ষা কৰে৷

Leave A Reply