Breaking

ৰঙালী বিহু বা বহাগ বিহুৰ তাৎপৰ্য…

0 699

বিহু হ’ল চহা জীৱনৰ সৈতে সম্পৰ্ক থকা অসমৰ এটি উৎসৱ৷ তিনিটি বিহুৰ অন্যতম অসমীয়াৰ অতিকৈ চেনেহৰ ৰঙালী বিহুটিৰ কথা কৈ শেষ কৰিব নোৱাৰি। ব’হাগ বিহু বা ৰঙালী বিহু বসন্ত কালৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ। ৰঙালী বিহুক যৌৱনৰ উৎসৱ বুলি কোৱা হয়। ব’হাগ বা ৰঙালী বিহু, একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি ব’হাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক “সাত বিহু” বুলি জনা যায়। চ’তৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে বহাগ বিহু সামৰা হয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে তাৰে এটা দিন গোঁসাই বিহু বুলিও পালন কৰা যায়। বিহুৰ এই সময়চোৱাত গছ-গছনিত কুঁহিপাতে হালি-জালি নচাৰ বতৰত, কুলি-কেতেকী চৰায়ে বনৰ মাজে মাজে সুললিত গীত আৰম্ভ কৰাৰ শুভ ক্ষণত, মানুহৰ মন-প্ৰাণো উত্ৰাৱল হৈ উঠে বসন্তৰ পৰশত।

অসম এখন কৃষিজীৱি ৰাজ্য। সেয়ে আমাৰ প্ৰতিটো বিহুতেই জড়িত হৈ আছে কৃষক ৰাইজৰ আশাভৰা সপোন। ৰঙালী বিহুৰ আগমনৰ বাতৰি পাই কৃষকৰ হৃদয়ে হৃদয়ে বিকশিত হয় অদম্য উৎসাহ আৰু নতুন মনোবলৰ প্ৰতিচ্ছবি। বিহু মাৰিবলৈ কঁকালত টঙালী বিহু ওলোৱাৰ দৰেই নতুন বছৰটোত বিভিন্ন খেতিৰ জৰিয়তে ধৰণীক সেউজীয়া কৰাৰ প্ৰতিশ্ৰুতি লৈ কৃষক ৰাইজ সদলবলে ওলাই আহিবলৈ প্ৰয়াস কৰে খেতিপথাৰলৈ। আমাৰ ভালেমান কৃষকৰ বাবে পোহনীয়া জীৱ-জন্তুকেইটা উপাৰ্জনৰ অন্যতম উৎস। সেয়েহে, গো-ধনৰ মংগলাৰ্থে বিহুৰ আৰম্ভণিতে কৃষক ৰাইজে পালন কৰে গৰু বিহু। গৰু বিহুৰ পিছ দিনাৰে পৰা আৰম্ভ হয় মানুহৰ বিহু। বিহুৰ দিনকেইটাত ওচৰ-চুবুৰীয়াৰ ঘৰত বিহু খাবলৈ যাওঁতে আলোচনা হয় আগন্তুক বছৰটোত খেতি পতাৰ কথা। নতুন বছৰটোত কি কি খেতি পাতিব, কোনটো খেতি কেতিয়াৰ পৰা আৰম্ভ কৰিব- আদি বিষয়বোৰ বিহুৰ দিনকেইটাতে আলোচনা কৰে। তেনদৰেই কৃষিকে গইনা লৈ ৰাজ্যখনত উদযাপিত হয় অসমীয়াৰ বাপতি সাহোন বিহুটি।

অসমীয়াৰ আদৰৰ, হেঁপাহৰ এই ৰঙালী বিহুত ইজনে-সিজনক বিহুৱান দিয়া, জ্যেষ্ঠজনক সেৱা জনোৱা আদি পৰম্পৰা অতীজৰে। তদুপৰি সকলোৱে এই বিহুত আনন্দ মনেৰে একত্ৰিত হৈ বিহু গীত গায় আৰু বিহু নৃত্য পৰিৱেশন কৰে। এই উৎসৱত ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰি উলিয়ায়। অৱশ্যে ৰঙালী বিহুত সাম্প্ৰতিক সময়ত সাতবিহুৰ দিনা গাঁৱৰ ধনী-দুখীয়া সকলো ৰাইজৰ ঘৰে-ঘৰে গৈ হুঁচৰি গোৱা যি পৰম্পৰা আছিল সেয়াও প্ৰায় লুপ্ত হৈছেগৈ। লাহে লাহ বিহুটি গম নোপোৱাকৈয়ে যেন পথাৰৰ পৰা গছৰ তল পালেগৈ, তাৰ পিছত লাহে লাহে মঞ্চলৈ, টেলিভিছনৰ পৰ্দালৈ আৰু এতিয়া ম’বাইল ফোনলৈ আহিল। বৰ্তমান সময়ত অনুষ্ঠিত কৰা বিহুমেলাৰ কাৰ্যসূচীসমূহতো বিহুৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতিবোৰতকৈ সাংস্কৃতিক সন্ধিয়াটোকহে বেছি গুৰুত্ব দিয়া যেন পৰিলক্ষিত হয়। বিহুৰ সাৰবত্তা ধ্বংস হ’লে সমগ্ৰ অসমীয়া জাতিয়েই আত্ম পৰিচয়ৰ বাবে হাহাকাৰ কৰি মুত্যুৰ মুখলৈ আগুৱাই যাব। সেয়েহে বিহুৰ সুস্থ জাতীয় পৰম্পৰাবোৰ অক্ষুণ্ণ ৰাখিবলৈ সকলোৱে চেষ্টা কৰা উচিত।

চুলতানা চেলিমা আহমেদ

Leave A Reply