Breaking

ডিমাকুছিত লোমহৰ্ষক ঘটনা:পুত্ৰই কুঠাৰৰে ঘঁ‌পিয়াই নিজ পিতৃক

0 2,059

ওদালগুৰি জিলাৰ ডিমাকুছিত এক  ভয়ংকৰ ঘটনা।নিজ জন্মদাত্ৰী পিতৃক সুৰামগ্ন পুত্ৰই কুঠাৰৰে ঘঁ‌পিয়াই হত্যাৰ চেষ্টা। উল্লেখ্য যে ওদালগুৰি জিলাৰ ডিমাকুছি ২ নং বাগানটাৰিৰ নিবাসী ৰবিন্দ্ৰ বেজবৰুৱা (৪৫) য়ে সুৰামগ্ন মাতাল পুত্ৰ (১৮)যতিন বেজবৰুৱাক অত্যাধিক মদক দ্ৰব্য সেৱন কৰাৰ মানা কৰিছিল।যাৰ পৰিপেক্ষিতত ১২ছেপ্তেম্বৰ দেওবাৰে  নিশা ৮ মান বজাত মাতাল পুত্ৰ যতিন বেজবৰুৱাই পিতৃ ৰবীন্দ্ৰ  বেজবৰুৱাক নিজ বাসগৃহতে পিচফালৰ কুঠাৰৰে ঘঁ‌পিয়াই পলায়ন কৰে।”স্থানীয় লোকৰ তৎপৰতাত এতিমধ্যে ঘটনাস্থলীত ডিমাকুছি আৰক্ষী উপষ্টিত হয় সংকতজনক অৱস্থাত পিতৃ ৰবীন্দ্ৰ বেজবৰুৱাক উদ্ধাৰ কৰি টংলা  চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰু ঘাটক পুত্ৰ যতিন বেজবৰুৱা বৰ্তমান পলাতক আৰু অত্যাধিক মদক দ্ৰৱ্য সেৱনৰ ফলত এনে ঘটনা সংঘটিত হৈছে বুলি ডিমাকুছি আৰক্ষীয়ে জানিব দিয়ে।এটা মন কৰিব লগিয়া কথা যে, ভাৰত ভূটান সীমান্তৰ  অঞ্চল‌  সমূহত  দেশী বিদেশী সূৰাৰ ৰমৰমীয়া ব্যৱসায় বৃদ্ধি হোৱাৰ বাবে বিভিন্ন ঘটনা সংঘটিত হ’ব ধৰিছে । যাৰ বাবে যোৱা নিশা ২ নং ডিমাকুছিৰ বাগানটাৰিত অধিক সূৰাপান কৰাৰ ফলতে সূৰাৰ ৰাগীত মাতাল হৈ নিজ পুত্ৰই পিতৃক কুঠাৰেৰে ঘঁ‌পিয়াই হত্যাৰ চেষ্টা  কৰিছিল । আইন প্ৰশাসন তথা অসম চৰকাৰৰ বিয়াগোম আৱকাৰী বিভাগটোৱে  কিন্তু সূৰাৰ ৰমৰমীয়া ব্যৱসায় চলি থকা দেখি শুনিও চকু মুদা কুলিৰ ভাও ধৰি আছে । পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষয় এই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইটোহে লক্ষণীয় বিষয় হৈ পৰিব।।

Leave A Reply