Breaking

ধুবুৰীৰ ঐতিহাসিক পানবাৰী মছজিদ দখলৰ প্ৰচেষ্টাত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধৰ্ণাকলৈ উত্তপ্ত পৰিস্থিতি।

0 2,231

 ধুবুৰী জিলা গৌৰীপুৰৰ পানবাৰীত থকা ঐতিহাসিক পানবাৰী মছজিদ দখলৰ প্ৰচেষ্টাত মছজিদৰ সম্মুখত ধৰ্ণাত বহে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ শতাধিক নেতা কৰ্মী। ইছলাম ধৰ্মাৱলম্বী লোকৰ উপসনাৰ ঐতিহাসিক মছজিদখনৰ সম্মুখত এইদৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে মছজিদ পৰিচালনা সমিতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ওপৰত পৰিচালনাৰ দায়িত্ব ন্যাস্ত কৰাৰ দাবীত এইদৰেই উত্তাল পৰিবেশৰ সৃষ্টি কৰি থাকে। উল্লেখযোগ্য যে, মছজিদ পৰিচালনা সমিতিৰ কাৰ্যকালৰ ম্যাদ চলিত বছৰৰ ৩১ ডিচেম্বৰলৈকে থকা সময়তো মছজিদ কমিটিৰ অনুমতি অবিহনে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নেতা কৰ্মী সকলে মছজিদৰ গুন গৰিমা বিনষ্ট কৰি মছজিদৰ সম্মুখত প্ৰতিবাদ আৰম্ভ কৰাত উত্তেজিত হৈ পৰে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন। আমছুকে ধৰি স্থানীয় ৰাইজে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধৰ্না কাৰ্যসূচী বন্ধ কৰাৰ দাবীত আগুৱাই যোৱাত এক হূলস্থলীয়া পৰিবেশৰ সৃষ্টি হয়। ফলত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কৰ্মী আৰু ৰাইজৰ মাজত হতাহতি সৃষ্টি হোৱাৰ উপক্ৰম হয়।মছজিদত আজান চলি থকা সময়তো সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নেতা কৰ্মীয়ে হুলস্থুল বন্ধ নকৰাত উত্তেজিত ৰাইজে পৰিষদৰ নেতা কৰ্মী সকললৈ চোচা লোৱাত ঘটনাস্থলী ত্যাগ কৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে।উল্লেখ্য যে, মছজিদৰ সম্মুখত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে জয় আই অসম, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ আদি ধবনি দিয়াক লৈ উত্তেজিত হৈ পৰে স্থানীয় লোক।মছজিদৰ সম্মুখত এইদৰেই ধৰ্মীয় ৰীতি নীতি ভংগ কৰি মাথোন ক্ষমতা দখলৰ বাবে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেউজ সংকেত লাভ কৰি পৰিষদটোৱে ইছলাম ধৰ্মৰ উপাসনাৰ স্থল ঐতিহাসিক মছজিদক কালিমা হনাৰ ঘটনাই জিলাখনত এক চাঞ্চল্যৰ সৃষ্টি হৈছে।

Leave A Reply