Breaking

লাহৰিঘাটৰ কাঠনি পাৰ ঘাটত ট্ৰেক্টৰ টেইলাৰৰ তলত বহি উৎকট গৰমৰ পৰা ৰক্ষা পাব বুলি খাদ্য গ্ৰহণ কৰিছে উচ্ছেদতি এজাক কণ কণ শিশুৱে, উচ্ছেদিত লোকৰ মাজত হাহাকাৰ পৰিস্থিতি…

0 48

এফালে বনাঞ্চলৰ বেদখল ভূমি উচ্ছেদ আনফালে শিশুৰ মৌলিক অধিকাৰ খৰ্ব চৰকাৰৰ।ওৰাং ৰাষ্ট্ৰীয় উদ্যানত নতুনকৈ চাপৰি সংযোজিত কৰাৰ কাৰণে চাপৰিত উচ্ছেদ আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে।

উচ্ছেদৰ আজি চতুৰ্থ দিনা কেইবা হাজাৰ পৰিয়াল গৃহহীন হৈ পৰিছে।এই উচ্ছেদ অভিযানত শিশুসকলৰ মৌলিক অধিকাৰ খৰ্ব হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।

উচ্ছেদিত পৰিয়ালৰ শিশুসকল খাদ্য ও পানীৰ অভাৱত ভোকে-পিয়াহে হাহাকাৰ কৰিবলগীয়া হৈছে।অসম চৰকাৰৰ প্ৰশাসন বিভাগে উচ্ছেদিত পৰিয়ালৰ শিশুসকল লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।কাৰ কুটিল ৰাজনীতিত বলি হৈছে এই নিষ্পাপ শিশু সকল।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদিত হোৱা লোকসকলক পুনৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমানলৈ উচ্ছেদিত সকল ক’লৈ যাব সেই কথা নিশ্চিত নোহোৱাত চৰম অনিশ্চিয়তা বিৰাজ কৰে উচ্ছেদিত লোকসকলৰ মাজত।

উল্লেখযোগ্য যে ১৯৫০ চনৰ ব্ৰক্ষ্মপুত্ৰ নিৰ্ধাৰণ কৰি উচ্ছেদ কাৰ্য চলালে বহু পৰিয়ালৰ ঘৰ দোৱাৰ উচ্ছেদৰ ৰক্ষা পৰিলে হয়।

কিন্তু তাৰ সলনি ওৰাং ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই নিজৰ পচন্দ মতে মাপ- জোখ কৰি অবিভক্ত নগাঁও তথা বৰ্তমান মৰিগাঁও জিলাৰ বহু হেক্টৰ মাটি দৰং জিলা তথা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ছামিল কৰা পৰিলক্ষিত হৈছে।

উচ্ছেদিত ৰাইজে অভিযোগ কৰে যে মৰিগাঁও জিলাৰ কেইবাটাও ৰাজহ গাৱৰ অংশও ৰাষ্ট্ৰীয় উদ্যানখন চামিল কৰিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মূখ্য বন সংমণ্ডল বিষয়াই।

ইফালে উচ্ছেদিত লোক সকলে লাহৰিঘাট সমষ্টিৰ বিধায়ক আছিফ নাজাৰৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰে। উল্লেখ্য যে, ছমাহ পূৰ্বে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই জাননী প্ৰেৰণ কৰিছিল।

বিধায়ক আছিফ নাজাৰে উচ্ছেদ অভিযান বন্ধ কৰিব বুলি ভুৱা আশ্বাস দি খেতিয়ক সকলক খেতিৰ কামত মনোনিবেশ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল।

কিন্তু সময়ত সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে।তাৰ পৰিৱৰ্তে বিধায়ক আছিফে উচ্ছেদিত সকলৰ খবৰ নলৈ নিজৰ দলৰ যোগদান কাৰ্যসূচী পালন কৰা দেখা গৈছে।

প্ৰশ্ন উঠিছে এয়াই নেকি লাহৰিঘাটৰ বিধায়কৰ উচ্ছেদিত সকল প্ৰতি থকা দায়বদ্ধতা?

Leave A Reply