Breaking

হৰি নামৰ ধ্বনিৰে মুখৰিত নামঘৰ নগৰী খ্যাত জামুগুৰিহাটৰ আকাশ বতাহ

0 2,115

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষ্যে আজি হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে নামঘৰ নগৰী খ্যাত জামুগুৰিহাটৰ আকাশ বতাহ।বিগত বৰ্ষত কৰ’ণা মহামাৰীৰ পৰিপেক্ষিতত তিথি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসুবিধা আহি পৰিছিল যদিও এইবেলি চৰকাৰে কম সংখ্যক লোকৰ উপস্থিতিত ধৰ্মীয় কামকাজ সমুহ চলাই নিয়াৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰাত অসমৰ অন্যান্য প্ৰান্তৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষ্যে জামুগুৰিহাটৰ নামঘৰ- সত্ৰত পুৱাৰ পৰাই এক ব্যৱস্থাপূৰ্ণ তথা উদুলি মুদুলি পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হয়।জামুগুৰিহাটৰ প্ৰতিটো নামঘৰেই গুৰুজনাৰ তিথি উললক্ষ হৰি নামৰ অমৃয়া সুৰৰে মুখৰিত হৈ পৰে।অৱশ্যে অঞ্চলটোৰ কোঁছগাওত গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনা  পৰম্পৰাগত ভাৱে অনুষ্ঠিত কৰি অহা কালিয়দমন দমন ভাওনা এইবাৰো কভি’ড জনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদযাপন সমিতিয়ে অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।ভাওনা অনুষ্ঠিত নহ’লেও আজি পুৱাৰ পৰাই কোঁছগাওৰ কালিয়দমন ক্ষেত্ৰত শৰাই শলিতা নৈবেদ্যৰ লগতে চাকি বন্তি জ্বলাবলৈ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ অহা পৰিলক্ষিত হয়।ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত বৈকুণ্ঠপুৰীত পৰিণত হয় কালিয়দমন ক্ষেত্ৰ।

Leave A Reply