Breaking

সমাধান ওলাল, কিন্তু ৰৈ গ’ল ক্ষোভ! কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হ’ব সিদ্দাৰামাইয়া, উপ-মুখ্যমন্ত্ৰীৰ পদত শিৱকুমাৰ

0 46

নিমিলা অংকৰ অৱশেষত সমাধান ওলাল। সকলো জটিলতা আঁতৰাই কংগ্ৰেছে অৱশেষত সিদ্ধাৰামাইয়াইক কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পনৰ সিদ্ধান্ত ঘোষণা কৰিলে।আনহাতে মুখ্যমন্ত্ৰীৰ প্ৰবল দাবীদাৰ ডি কে শিৱকুমাৰক উপ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। ফলাফল ঘোষণা হোৱাৰ পাঁচ দিন পিছত কংগ্ৰেছ হাইকমাণ্ডে অৱশেষত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিলে। মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে শনিবাৰে শপত গ্ৰহণকৰিব।কংগ্ৰেছে কৰ্ণাটকবিজেপিৰ পৰা কাঢ়ি লৈ আশ্চৰ্যকৰ ফলাফল প্ৰদৰ্শন কৰিছে। দক্ষিণৰ ৰাজ্যখনত নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহ যুটিৰ ৰথ কংগ্ৰেছৰ প্ৰতাপত ৰৈ গৈছে। এই বিজয়ত আটাইতকৈ চৰ্চিত দুটা নাম হৈছে সিদ্ধাৰামাইয়া আৰু ডি কে শিৱকুমাৰ। সিদ্ধাৰামাইয়াৰ তুলনাত বহুত সৰু শিৱকুমাৰ কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি। তেওঁৰ নেতৃত্বত, কংগ্ৰেছে দক্ষিণৰ ৰাজ্যখনত বিপুল বিজয় লাভ কৰিছে। তেতিয়াৰে পৰা মুখ্যমন্ত্ৰী কোন হ’ব তাকে লৈকৌতূহলৰ সৃষ্টি হৈ আহিছিল। দলৰ একাংশ অনুগামীয়ে সিদ্ধাৰামাইয়াক মুখ্যমন্ত্ৰী পদত বহুওৱাৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত পোষ্টাৰ লগাইছিল। পিছ পৰি ৰোৱা নাছিল শিৱকুমাৰৰ অনুগামীসকলো। কিন্তু শেষ খেলত সিদ্ধাৰামায়া বিজয়ী হ’ল। অসন্তুোষ মনেৰে দলৰ সিদ্ধান্ত মানি ল’লে শিৱ কুমাৰে।


মুখ্যমন্ত্ৰীৰ কাৰ্যকাল দুয়োৰে মাজত ভাগ বতৰা কৰা হ’বনে? কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালাই এনে প্ৰশ্নৰ পোনপটীয়া উত্তৰ দানৰ পৰা অৱশ্যে বিৰত থকা পৰিলক্ষিত হয়। দলৰ কথা চিন্তা কৰিয়েই সিদ্ধাৰামাইয়া আৰু ডি কে শিৱকুমাৰ দুয়োজনে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে। “কৰ্ণাটকৰ ভৱিষ্যত আৰু কৰ্ণাটকৰ জনসাধাৰণৰ ভৱিষ্যত উন্নত কৰাৰ বাবে দুয়োজনে একেলগে কাম কৰিম।এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা,” ডি কে শিৱকুমাৰে টুইট কৰে। “কানাড়াসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আমাৰ হাত সদায় একেলগে থাকিব,” সিদ্ধাৰামাইয়ায়ো টুইটত এনেদৰে কয়।ডি কে শিৱকুমাৰে কৈছে যে দীঘলীয়া আলোচনাৰ পিছত তেওঁক দিয়া উপ মুখ্যমন্ত্ৰীৰ পদত সন্তুষ্ট। তেওঁ কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হৈয়ো থাকিব। সূত্ৰ অনুসৰি ছোনিয়া গান্ধীৰ মধ্যস্থতাৰ জৰিয়তে সমস্যাটো সমাধান কৰা হৈছে।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে দিল্লীত কেইবাখনো বৈঠক হৈছিল। ডি কে শিৱকুমাৰৰ বাবে দুটা বিকল্প আছিল। অৱশ্যে, শিৱকুমাৰে ইয়াক প্ৰত্যাখ্যান কৰিছিল। সূত্ৰঅনুসৰি, এইটোও কোৱা হৈছিল যে সিদ্ধাৰামাইয়া প্ৰথম দুবছৰৰ বাবে মুখ্যমন্ত্ৰী আৰু পৰৱৰ্তী তিনি বছৰৰ বাবে শিৱকুমাৰ হ’ব। কিন্তু দুয়োজন নেতাই ইয়াক প্ৰত্যাখ্যান কৰিছিল। কেইবাখনো বৈঠকৰ পিছত বৃহস্পতিবাৰে কংগ্ৰেছ হাইকমাণ্ডে এটা সিদ্ধান্তলৈ আহিবলৈ সক্ষম হয়। কিন্তু এনে সিদ্ধান্তই দুয়োপক্ষক সন্তুষ্ট কৰিব পাৰিবনে? নে পিছত আৰম্ভ হ’ব পাৰে বিদ্ৰোহ? সেয়া সময়েহে ক’ব।

Leave A Reply