Breaking

প্ৰভাস-দীপিকাৰ ছবিৰ কাহিনী ফাদিল! আধুনিক যুগৰ ভগৱানৰ ৰূপত দেখিব প্ৰভাসক…

0 63

আদিপুৰুষ মুক্তিৰ পিছত নায়ক প্ৰভাসৰ কোনো খবৰ নাই। আচলতে ছবিখনৰ মুক্তিৰ পিছৰে পৰা সকলো অভিনেতা নিমাত হৈ আছে। ইফালে প্ৰভাসৰ পৰৱৰ্তী ছবিৰ বিষয়ে আলোচনা হৈছে। প্ৰথমে সাহো, তাৰ পিছত ৰাধেশ্যাম আৰু শেহতীয়াকৈ মুক্তি পোৱা আদিপুৰুষ। এই তিনিওখনতে প্ৰভাসে বক্স অফিচত সফলতাৰ মুখ নেদেখিলে। ইয়াৰ পিছত এতিয়া সকলোৰে দৃষ্টি প্ৰভাসৰ আগন্তুক ছবিৰ ওপৰত। প্ৰভাসৰ আগন্তুক ছবি দুখনৰ নাম হৈছে ছালাৰ আৰু প্ৰজেক্ট কে। চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত তেলেগু, হিন্দী, তামিল, কানাড়া আৰু মালয়ালম ভাষাত মুক্তি পাব ছালাৰ। প্ৰজেক্টত আছে দীপিকা পাডুকন, অমিতাভ বচ্চন আৰু দিশা পাটানীৰ দৰে বলীউডৰ তাৰকা। শেহতীয়াকৈ এই অভিলাষী ছবিখনত কমল হাছানৰো এণ্ট্ৰি হৈছে।

কোৱা হৈছে যে নাগ অশ্বিনৰ প্ৰজেক্টটো আচলতে কল্কী অৱতাৰৰ কাহিনী। সংবাদ মাধ্যমত অহা এই আলোচনা অনুসৰি নাগ অশ্বিনে হলিউডৰ মাৰ্ভেল ছবিৰ ধাৰাৰে এই কল্পবিজ্ঞান-কল্পকাহিনীৰ সৃষ্টি কৰিছে। য’ত কল্পনা, অতিপ্ৰাকৃতিক আৰু একচন অন্তৰ্ভুক্ত। অশুভৰ ওপৰত শুভ জয়ৰ সহজ কাহিনীৰে নিৰ্মাণ কৰা হৈছে ছবিখন।

কোৱা হৈছে যে পৰিচালকে প্ৰকল্পটোত হিন্দু শাস্ত্ৰত লিপিবদ্ধ কৰা ভগৱান বিষ্ণুৰ দশম অৱতাৰ কল্কিৰ কল্পনা উপলব্ধি কৰিছে। হিন্দু পৌৰাণিক কাহিনী অনুসৰি ভগৱান বিষ্ণুৱে অশুভ ধ্বংস কৰিবলৈ প্ৰতিটো যুগত অৱতাৰ লয়। প্ৰকল্পটোত প্ৰভাক কলিযুগৰ ভগৱান বিষ্ণুৰ অৱতাৰ হিচাপে দেখা যাব। এই অৱতাৰজন হ’ব আধুনিক নায়ক, যিয়ে আধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰযুক্তিৰে এই যুগৰ খলনায়কসকলৰ সৈতে যুঁজিব। সকলো আধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰযুক্তিৰে সজ্জিত কল্কি অৱতাৰ দেখুৱাব পৰিচালকে। প্ৰজেক্ট কেৰ কাহিনীয়ে ক’ব যে প্ৰজেক্ট কেত কেনেকৈ কল্কি অৱতাৰ আমন্ত্ৰণ কৰা হৈছে আৰু ঈশ্বৰৰ এই অৱতাৰে এই পৃথিৱীখনক খলনায়কৰ পৰা ৰক্ষা কৰে।

Leave A Reply