Breaking

কাকপথাৰ ডিৰাকত সন্মিলিত সংগ্ৰামী মঞ্চ, কাকপথাৰৰ মানৱ-শৃংখল : ধ্বংসৰ দিশত অসম গৌৰৱ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

0 255

ডিৰাক সীমান্ত

মহামাৰী ক’ৰোণা ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে লকডাউন চলি থকাৰ মাজতে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদে দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত চেলেকি অংশত ৯৮.৫৯ হেক্টৰ মাটিত কয়লা খননৰ আৰু  ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সাতটাকৈ স্থানত অইল ইণ্ডিয়াৰ মুক্ত খনন আৰু হাইড্ৰকাৰ্বনৰ পৰীক্ষা চলোৱাৰ বাবে অনুমোদন জনোৱাৰ কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালভাৱে আজি কাকপথাৰ ১নং সৰুডিৰাকৰ ১৫ নং ৰাষ্টীয় ঘাইপথত কাকপথাৰ সন্মিলিত সংগ্ৰামী মঞ্চই  হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰে লোৱা এনে হঠকাৰী সিদ্ধান্তৰ বিৰোধ কৰি লকডাউনৰ সকলো নীতি নিৰ্দেশনা প্ৰতি সঁহাৰি জনাই সামাজিক দূৰত্ব বজাই ৰাখি মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ জনায়। পূৱৰ আমাজানখ্যাত উজনি অসমৰ বৰ্ষাৰণ্যসমূহৰ অবাধ ধ্বংসলীলা দেখিশুনি উচুপি উঠিছে  ৰাজ্যবাসী। প্ৰকৃতিপ্ৰেমীসকলে ভৱিষ্যতৰ ভয়াৱহতাৰ পূৰ্বাভাষ পাই ক্ষুণ্ণ হৈ প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ অসম। দিহিং পাটকাইত কয়লাৰ মুক্ত খনন আৰু  ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সাতটাকৈ স্থানত অইল ইণ্ডিয়াৰ মুক্ত খনন আৰু হাইড্ৰকাৰ্বনৰ পৰীক্ষাৰ ফলত ইয়াত থকা বিভিন্ন প্ৰজাতিৰ উদ্ভিদকুল, পক্ষীকুল আৰু জীৱকুলৰ প্ৰতি চৰম ভাবুকিৰ কঢ়িয়াই আনিব।  মানৱ-শৃংখল কায্যসূচীত উপস্থিত থাকি সংগ্ৰামী মঞ্চৰ সম্পাদক উদিপ্ত বড়াই অসমৰ একামাত্ৰ বৰ্ষাৰণ্য তথা হস্তীকেন্দ্ৰ অভয়াৰণ্যখনত কয়লা খনন কৰি আৰু ডিব্ৰু ছৈখোৱাত অইল ইণ্ডিয়াৰ দ্বাৰা খনন কৰি অসমৰ জৈৱ বৈচিত্ৰলৈ ভয়াবহ অন্ধকাৰ নামিবলৈ কোনোপধ্যে দিয়া নহ’ব বুলি কয়। অসমৰ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক শান্তিৰে থাকিব  দিবলৈ ভাৰত তথা অসম চৰকাৰক দাবী জনোৱাৰ লগতে অসমৰ সকলো লোককে আমাৰ সম্পদসমূহ ৰক্ষা কৰাত মাত মাতিবলৈ অনুৰোধ জনায়৷ কাৰ্যসূচীত মটক যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক, কলিতা যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক, তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি উপস্থিত থাকে৷Attachments area

Leave A Reply