Breaking

নুপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্যৰ ওপৰত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে

0 228

নুপুৰৰ পিছল জিভাৰ বাবেই দেশখন জ্বলি উঠিছে।সমগ্ৰ দেশৰ অস্থিৰতাৰ বাবে নুপুৰ শৰ্মা একমাত্ৰ দায়ী।বিতৰ্কিত মন্তব্য দিয়া নুপুৰ শৰ্মাৰ বিৰুদ্ধে দেশৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত অভিযোগ দাখিল কৰা হৈছে।নুপুৰ শৰ্মাই অভিযোগবোৰ একত্ৰিত কৰি দিল্লীলৈ স্থানান্তৰ কৰাৰ আবেদনৰ সৈতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।কিন্তু নুপুৰৰ আবেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছিল।উচ্চতম ন্যায়ালয়ে নুপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্যৰ ওপৰত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে।

শীৰ্ষতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে, সমগ্ৰ দেশৰ অস্থিৰতাৰ বাবে নুপুৰ শৰ্মা একমাত্ৰ দায়ী।ন্যায়ালয়ে নুপুৰক তেওঁৰ দায়িত্বহীন মন্তব্যৰ বাবে ভৎসনা কৰিছে আৰু দেশৰ জনসাধাৰণৰ ওচৰত অনতিপলমে ক্ষমা বিচাৰিবলৈ নিৰ্দেশ দিছে।উচ্চতম ন্যায়ালয়ে দিল্লী আৰক্ষীৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে।আনহাতে উচ্চতম ন্যায়ালয়ে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাক তীব্ৰ সমালোচনা কৰি কয় যে নুপুৰৰ পিছল জিভাৰ বাবেই দেশখন জ্বলি উঠিছে।উদয়পুৰৰ দৰে দুৰ্ভাগ্যজনক ঘটনাৰ বাবে তেওঁ দায়ী৷

Leave A Reply