Breaking

নিৰ্বাচন আয়োগৰ ক্ষেত্ৰত কঠোৰ উচ্চতম ন্যায়ালয়। নিযুক্তি পেনেল গঠনৰ পোষকতা…

0 58

দেশৰ নিৰ্বাচন আয়োগৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিল উচ্চতম ন্যায়ালয়। আজি ন্যায়াধীশ কে এন যোচেফৰ নেতৃত্বত গঠন হোৱা পাঁচজনীয়া বিচাৰ পীঠে আয়োগৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশ জাৰি কৰে। আদালতে আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত, নিৰ্বাচনী বিষয়াৰ নিযুক্তিৰ ক্ষেত্ৰত বিশেষ আইন নথকাত আয়োগৰ স্বচ্ছতাৰ ওপৰোতো সন্দেহৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰে। আদালতে আয়োগৰ নিযুক্তিৰ ক্ষেত্ৰত তিনিজনীয়া পেনেল গঠনৰ নিৰ্দেশ দি এই পেনেল প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ দলপতি আৰু মুখ্য ন্যায়াধীশৰ দ্বাৰা গঠন হব লাগিব। যদি বিৰোধী দলপতি নাথাকে অথবা পদটো খালি থাকে সংখ্যাগৰিষ্ঠ দলৰ নেতাক অন্তৰ্ভুক্ত কৰিব লাগিব বুলি ৰায়টোত উল্লেখ কৰি কেন্দ্ৰই এই সম্পৰ্কীয় আইন অনাৰ লগে লগে এই ব্যৱস্হা কাৰ্যকৰী হব।

আদালতে আনকি আয়োগৰ বিৰুদ্ধে কঠোৰ স্হিতি গ্ৰহন কৰি চৰকাৰে এই ক্ষেত্ৰত আখনাবাঢ়িলে আদালতে নিজাববীয়াকৈ বিহীত ব্যৱস্হা গ্ৰহনৰ চিন্তা কৰিব বুলিও সকিয়াই দিয়ে। উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগ স্বাধীন হোৱা উচিত বুলি মত প্ৰকাশ কৰি স্বাধীন নহলে স্বচ্ছতা পোৱাত বাধা আহে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ন্যায়ালয়ে আয়োগৰ স্বতন্ত্ৰ সচিবালয় থকাৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰি আয়োগৰ সুকীয়া নীতি প্ৰণয়নৰ ক্ষমতা থকা উচিত বুলি বিচাৰপীঠে মন্তব্য কৰি আয়োগৰ নিজস্ব বাজেট থকাৰ প্ৰয়োজনীয়তাৰ বিষয়েও মত প্ৰকাশ কৰে।

Leave A Reply