Breaking

‘পৃথিৱীৰ আটাইতকৈ মৰমলগা দম্পতী’ – স্বামী নিকৰ সৈতে হাতত ধৰি ৰোমৰ ৰাজপথত খোজ কাঢ়িছে প্ৰিয়ংকা চোপ্ৰাই…

0 90

‘পৃথিৱীৰ আটাইতকৈ মৰমলগা দম্পতী’ – স্বামী নিকৰ সৈতে হাতত ধৰি ৰোমৰ ৰাজপথত খোজ কাঢ়িছে প্ৰিয়ংকা চোপ্ৰাই…! শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ শ্ব’ চিটাডেলৰ প্ৰচাৰৰ বাবে ৰোমত উপস্থিত হয়। ৰোম ভ্ৰমণৰ শেষ নিশা অভিনেত্ৰীগৰাকীয়ে ৰোমৰ ৰাজপথত স্বামী নিকৰ সৈতে হাতত ধৰি খোজ কাঢ়ি থকা দেখা গৈছিল।

সেই নিশাৰ ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। প্ৰিয়ংকা আৰু নিকক প্ৰশংসাৰেৰে ওপচাই পেলাছে দৰ্শকে। ছবিসমূহৰ সন্দৰ্ভত এজন অনুৰাগীয়ে মন্তব্য কৰিছিল, ‘পৃথিৱীৰ আটাইতকৈ ধুনীয়া দম্পতী’। চিটাডেলৰ প্ৰিমিয়াৰত উপস্থিত থাকি প্ৰিয়ংকাই শিৰোনাম দখল কৰে।

আনহাতে, প্ৰিয়ংকাৰ আগন্তুক ধাৰাবাহিক ‘চিটাডেল’ ২৮ এপ্ৰিল শুকুৰবাৰে প্ৰাইম ভিডিঅ’ত একচেটিয়াভাৱে প্ৰিমিয়াৰ হ’ব। একচন ভৰপূৰ এই অনুষ্ঠানটো গ্ল’বেল চোৰাংচোৱা সংস্থা চিটাডেলৰ দুজন অভিজাত এজেণ্ট মেছন কেন (ৰিচাৰ্ড মেডেন) আৰু নাদিয়া সিং (প্ৰিয়ংকা)ৰ ওপৰত আধাৰিত। এই অনুষ্ঠানটোক লৈ অনুৰাগীৰ মাজত ব্যাপক উত্তেজনা।

Leave A Reply