Breaking

নগৰবেৰাৰ খামেৰীত কাপোৰ ধুব গৈ নৈত পৰি কিশোৰীৰ সলিল সমাধি

0 2,036

কামৰূপৰ বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত খামেৰী ভিটাপাৰাত কাপোৰ ধুব গৈ সলিল সমাধি ঘটিল এগৰাকী বাৰ বছৰীয়া কিশোৰীৰ। গাঁৱখনৰ আব্দুৰ ৰহিমৰ কন্যা ১২ বছৰীয়া বিউটিয়াৰা পাৰবীণে কাপোৰ ধুব গৈ শুক্ৰবাৰে কৰুণ মৃত্যুক সাৱটিলে। পানীৰে পৰিপূৰ্ণ খামেৰী নদীত ঘৰৰ কাপোৰ-কানি ধুব গৈছিল কিশোৰী গৰাকী, কেনেবাকৈ  নৈৰ পানীত পৰি সন্ধানহীন হোৱাৰ বহু পৰৰ পাছতহে তৎ পাই পৰিয়ালটোত হুৱাদুৱা লাগে। কিশোৰী গৰাকীক ততালিকে নগৰবেৰা চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে চাইচিতি মৃত বুলি ঘোষণা কৰে। এনে শোকাবহ কাণ্ডই গাঁৱখনত বিয়পাইছে শোক আৰু চাঞ্চল্য। 

Leave A Reply