Breaking

খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ তৃতীয় সংস্কৰণ…

0 93

খেলো ইণ্ডিয়া ইউনিভাচিটি গেমছৰ তৃতীয় সংস্কৰণ (Khelo India University GAMES 2022, 25th May to 3rd June 2023) খেল খন এইবাৰ উত্তৰ প্ৰদেশৰ চাৰিখন চহৰত 25 তাৰিখৰ পৰা 3 জুন তাৰিখলৈ অনুস্থিত হ’ব।

ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ ক্রীড়া আৰু যুৱ পৰিক্রমা বিভাগে আয়োজন কৰা খেলখনত প্ৰাপ্ত তথ্য অনুসৰি দেশৰ 200 খনৰো অধিক বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে 21 বিধ খেলত প্ৰায় 4,002 খেলুৱৈয়ে অংশ গ্ৰহণ কৰিব ।

এই প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয়ৰ পৰা পোন প্ৰথম বাৰৰ বাবে ৰয়িং ইভেন্টত ৰাষ্ট্ৰীয় ৰ’ৱাৰ অন্যতম ৰাজকুমাৰে 2000M আৰু 500M প্ৰতিদন্দ্বিতা আগবঢ়াব।

উল্লেখ যোগ্য যে ৰয়িং ইভেন্টটো পোন প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া ইউনিভাচিটি গেমছত অন্তৰ্ভূক্তি কৰা হৈছে। অন্যতম ৰাজকুমাৰ এই খেলৰ বাবে যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথম জন খেলুৱৈ।

Leave A Reply