Breaking

গ্ৰাম্যাঞ্চলৰ ক্ৰীড়াক আগবঢ়াই নিয়াৰ সময় সমাগত

0 30

গ্ৰামাঞ্চলত খেলুৱৈৰ সৃষ্টিৰ বাবে ফুটবল, ভলীবলৰ লগতে ক্ৰিকেট, বেডমিন্টন, কাবাডী, খো খো, এথলেটিকছ ইত্যাদিৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা আছে। ফুটবল ভলীবল গ্ৰামাঞ্চলৰ অতি জনপ্ৰিয় খেল। খেলুৱৈ নহলেও এদিনৰ বাবে ফুটবলটো লথিয়াই দিয়া বা ভলীবল নেখেলা ব্যক্তি নাই বুলি কলেও ভুল কোৱা ন’হব। উক্ত খেল কেইবিধ খেলুৱৈয়ে খেলি আছে যদিও সেয়া খেল, ধেমালিৰ বস্তু হৈয়ে আছে। আনন্দ বিনোদনৰ বাবেই যেন খেলি থকা হৈছে এনে ভাৱ হয়। অৱশ্যে দুই এজনে কষ্ট কৰি প্ৰশিক্ষণ লৈ নিজকে খেলুৱৈ হিচাপে সমাজত চিনাকী দিব পাৰিছে। ইয়াৰ বাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ। কিন্তু তেনে খেলুৱৈৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পাৰি। নিজেই তৈয়াৰ কৰি লোৱা কাঠৰ বেটেৰে অখৰা মখৰা খেল পথাৰত দ্ৰুতগতিত অহা টেনিচ বলটো বাউণ্ডেৰী বা অভাৰ বাউণ্ডেৰীলৈ মাৰি পঠিয়াওৱাটো গ্ৰামাঞ্চলৰ খেলুৱৈৰ বাবে সহজ কথা।

দেখি দেখিয়েই প্ৰতিটো ক্ৰিকেটৰ শ্বটেই তেওঁলোকে আয়ত্ব কৰিব পাৰিছে। এনে এখন গাঁও বিচাৰি পোৱা নাযায় য’ত ক্ৰিকেট খেলা নহয়। ক্ৰিকেট খেলা তেওঁলোকৰ নিচা। কিন্তু এওঁলোকে পদ্ধতিগত ভাবে প্ৰশিক্ষণৰ সুবিধা পোৱা নাই বা ইয়াৰ বাবে ক্ৰীড়া সংগঠকৰ অভাৱ স্পষ্ট হৈ ৰৈছে।

এওঁলোকক যদি অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জড়িয়তে বিজ্ঞান সন্মত দীৰ্ঘকালীন প্ৰশিক্ষণ দিয়া হয় তেতিয়াহ’লে অসমৰ ক্ৰীড়া ক্ষেত্ৰ লাভৱান হ’ব বুলি দৃঢ়তাৰে ক’ব পাৰি। এথলেটিকছতো দৌৰা, জপিওৱা, ওজন দলিওৱা ইত্যাদি গ্ৰামাঞ্চলৰ খেলুৱৈয়ে একো নভবাকৈয়ে সদায় অনুশীলন কৰি থাকে। কিন্তু খেলুৱৈ হ’ম বুলি কোনেও অনুশীলন কৰি থকা দেখা নাযায়।

প্ৰায় ভাগ ল’ৰা ছোৱালীয়ে পুৱা বিয়লি দৌৰা, লংজাম্প আদিৰ অনুশীলন কৰে যদিও তেওঁলোকে ডিফেঞ্চত চাকৰি পোৱাৰ তাগিদাতহে অনুশীলন কৰি থাকে। এতিয়া ৰাজ্যৰ সৰ্বত্ৰতে এই দৃশ্য সুলভ হৈ পৰিছে। তেওঁলোকে আন্তঃ জিলা এথলেটিকছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো দূৰৈৰ কথা জিলা ক্ৰীড়া সন্থাৰ এথলেটিকছ লীগতো অংশগ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। কাবাডী, খো খো কম ঠাইত, কম খৰচতে খেলিব পাৰি এই খেলত প্ৰতিভাৱান খেলুৱৈৰ অভাৱ নাই। আটায়ে এই খেল খেলি খেলবিধক উপভোগ কৰে। আনকি গ্ৰামাঞ্চলত কাবাডী, খো খোৰ প্ৰতিযোগিতাও আয়োজন কৰা হয়।

খেল দুয়োটাই বিচৰা ধৰণেই খেলুৱৈৰ শাৰীৰিক অবয়ব চকুত লগা। কিন্তু নাই পদ্ধতিগত প্ৰশিক্ষণ। বেডমিন্টন, আৰ্চাৰী আদি বহুত খৰচী খেল বাবেই গ্ৰামাঞ্চলত খেলুৱৈয়ে খেলিবলৈ সুযোগ আৰু সুবিধা নাপায়। এই খেলৰ লগত খেলুৱৈ সকলক জড়িত কৰিব পাৰিলেও সুফল পোৱা যাব বুলি কব পাৰি। ইয়াৰ উপৰিও অলিম্পিক স্বীকৃতিপ্ৰাপ্ত বহু খেলেই গ্ৰামাঞ্চলৰ খেলুৱৈৰ মাজত পৰিচিত নহয়। যিবোৰ খেল খেলি খেলুৱৈয়ে উন্নত প্ৰদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হ’লহেঁতেন।

অৱশ্যে “খেল মহাৰণ” অনুষ্ঠিত হোৱাত বহুতো খেলুৱৈ নতুন জীৱন পোৱা যেন অনুভৱ হৈছে। অইন নহলেও গ্ৰামাঞ্চলত ক্ৰীড়াৰ এক পৰিবেশ সৃষ্টি হৈছে। যদিহে আঁচনি খন দীৰ্ঘকালীন হয় তেতিয়াহ’লে অসমৰ ক্ৰীড়া ক্ষেত্ৰ লাভৱান হ’ব বুলি কব পাৰি। বৰ্তমান সময়ত গ্ৰামাঞ্চলটো খেলুৱৈ সকলে খেলৰ বাবে আগ্ৰহ প্ৰকাশ নকৰা হৈছে বা অভিভাৱক সকলেও নিজৰ ল’ৰা ছোৱালীক খেলিব দিবলৈ অনীহা প্ৰকাশ কৰা দেখা গৈছে। ইয়াৰ প্ৰথম আৰু প্ৰধান কাৰণ হ’ল খেল খেলি জীৱন জীবিকাৰ পথ পাবলৈ সক্ষম নহ’লে কোনো খেলুৱৈয়ে খেলিবলৈ ইচ্ছা প্ৰকাশ নকৰে। ইয়াৰ উপৰিও পৰিয়ালত এটি বা দুটি সন্তান গতিকে অভিভাৱক সকলে ল’ৰা ছোৱালীক খেলিব দি ৰিস্ক লব নোখোজে।

কিন্তু এতিয়া আৰু সেই দিন নাই। সময় বাগৰাৰ লগে লগে এই ধাৰা সলনি হ’ল। খেল এতিয়া আৰু ধেমালিৰ বস্তু হৈ থকা নাই। ক্ৰীড়াৰ জড়িয়তে এতিয়া খেলুৱৈয়ে নিজৰ কেৰিয়াৰ গঢ়ি ল’ব পৰা হৈছে। গতিকে খেলুৱৈ আগবাঢ়ি আহি নিজক প্ৰতিষ্ঠা কৰাৰ সময় সমাগত। পঢ়াৰ লগতে খেলক সমান্তৰাল ভাৱে আগবঢ়াই লৈ যাব পাৰিলে ছাত্ৰ-ছাত্ৰী সকলে আহি থকা দিনত যথেষ্ট লাভৱান হব বুলি আশা কৰিব পাৰি। খেল খেলি খেলুৱৈ হ’ব নোৱাৰিলেও এটা সুস্থ শৰীৰ, সুস্থ মনৰ লগতে ঐক্য, সংহতি, সম্প্ৰতি, ভাতৃত্ববোধ ইত্যাদি সজ গুণৰ অধিকাৰী হ’ব পাৰি। এই কথাকে সৰোগত কৰি খেলুৱৈয়ে খেলিবলৈ ওলাই আহিলে সুফল পোৱা যাব বুলি সচেতন ক্ৰীড়া প্ৰেমীয়ে আশা প্ৰকাশ কৰিছে।

-দীপক কুমাৰ দাস, নলবাৰী

Leave A Reply