Breaking

গোগামুখত মিচিং জাতীয় সংগঠন টি এম পি কেৰ সংবাদমেলঃ ২-৫ ফেব্ৰুৱাৰীত বৰ্ণিল কাৰ্যসূচীৰে টি এম পি কেৰ সোণালী জয়ন্তী-অষ্টম মিচিং যুৱ-মহোৎসৱ…

0 111

অসমৰ ভূমিপুত্ৰ মিচিং সকলৰ শক্তিশালী সংগঠন টি এম পি কেই ৫০ বছৰত ভৰি দিয়া উপলক্ষে তেওঁলোকৰ গৌৰৱোজ্জল সোণালী জয়ন্তী আৰু অষ্টম মিচিং যুৱ মহোৎসৱ  ধেমাজি জিলাৰ গোগামুখত যৌথভাৱে অনুষ্ঠিত হ’ব৷

২, ৩, ৪ আৰু ৫ ফেব্ৰুৱাৰীত গোগামুখ নাহৰবাৰীৰ চুমনিৰ ৰাজহুৱা ভূমিত অনুষ্ঠিত হ’ব লগা উক্ত অনুষ্ঠান দুটাৰ বিস্তৃত কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি অভ্যৰ্থনা সমিতিৰ পৰা আজি অনুষ্ঠান অনুষ্ঠিত হ’ব লগা স্থানত এখন সংবাদমেল অনুষ্ঠিত কৰে৷

অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক ৰাজু পেগু, সমন্বয়ক হৰিচন্দ্ৰ কমান, খাদ্যমেলাৰ সম্পাদক দিব্যজ্যোতি ভৰালী আৰু টি এম পি কেৰ কেন্দ্ৰীয় উপসভাপতি সোমেশ্বৰ কপ্তাকে উপস্থিত থকা সংবাদমেলত তেওঁলোকে কয়- টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষ আৰু অষ্টম মিচিং যুৱ মহোৎসৱৰ বাবে প্ৰায় ৪০০ বিঘা ভূমি সামৰি লোৱা হৈছে৷

বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাইজ আৰু দল-সংগঠনৰ অভূতপূৰ্ব সঁহাৰিত সোণালী জয়ন্তী আৰু অষ্টম মিচিং যুৱ মহোৎৱৰ প্ৰস্তুতি ৯০ শতাংশ ইতিমধ্যে সমাপ্ত হৈছে৷ ধেমাজি জিলা টি এম পি কেৰ নেতৃত্বত, অভ্যৰ্থনা সমিতিৰ বিভিন্ন উপসমিতি আৰু টি এম পি কেৰ  বিভিন্ন জিলা আৰু আঞ্চলিক সমিতিৰ  সহযোগত দিনে-নিশাই যুদ্ধকালীন তৎপৰতাৰে কাম-কাজ আগুৱাই নিছে৷ অনুষ্ঠানত প্ৰায় ৫০ হাজাৰ বাঁহ বিভিন্ন নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হৈছে৷

দহটাৰো অধিক  বাঁহ-বেতৰ বিভিন্ন কাৰুকাৰ্য খচিত মিচিং, আদী আৰু গাল’ সম্প্ৰদায়ৰ চাংঘৰ, মিচিং মৃৰং ঘৰ নিৰ্মাণ, বিশাল মূল মঞ্চ, মূল মণ্ডপৰ নিৰ্মাণ ইতিমধ্যে ৯০ শতাংশ সম্পূৰ্ণ হোৱাৰ বিপৰীতে একেলগে ২০ হাজাৰ মানুহে একেলগে বহি খাব পৰিকৈ ভোজনালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে৷ আদৰণি তোৰণ, খাদ্য মেলা, গ্ৰন্থ মেলা, কৃষি মেলা, হস্ত তাঁত বস্ত্ৰ মেলাৰ বিপনী সমূহৰ  নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে৷

তেওঁলোকে লগতে কয়- সোণালী জয়ন্তী আৰু যুৱ মহোৎসৱত মুঠ ১০ হাজাৰ গৰাকী থলুৱা শিল্পীৰ প্ৰতিনিধি আৰু ৫ হাজাৰ গৰাকী টি এম পি কেৰ প্ৰতিনিধি উপস্থিত থকাৰ লগতে প্ৰায় ৩ লাখ লোক সাধাৰণ ৰাইজ উপস্থিত থাকি অনুষ্ঠান উপভোগ কৰিব৷ 

অনুষ্ঠানত লাডাখৰ প্ৰখ্যাত বিজ্ঞানী চনম ৱাংচু, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজু, অসম-অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী, অসম চৰকাৰ আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন দপ্তৰৰ মন্ত্ৰী বৰ্গ, সদৌ অসম ছাত্ৰ সন্হাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য,  উত্তৰ-পূৰ্বাঞ্চলৰ আটাইবোৰ দল-সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বই  উপস্থিত থাকিব৷ 

তেওঁলোকে লগতে সংবাদমেলত জনোৱা মতে, এতিয়ালৈ ৭০  শতাংশ ব্যয়  মিচিং গাঁৱৰ ৰাইজে বহন কৰি আছে আৰু বাকী থকা দিনবোৰতো ৰাইজে বিপুল সহযোগিতা কৰাৰ আশা কৰিছে৷

Leave A Reply