নিৰ্বাচনৰ পোষ্টেল বেলট পেপাৰ সন্দৰ্ভত যোৱা কালি হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয় সভাগৃহত জিলা উপায়ুক্ত ড:ছাদনেক সিঙে এখন সংবাদ মেল সম্বোধন কৰে। উল্লেখ যে নিৰ্বাচন আয়োগে এইবাৰ বিশেষ ভাবে সক্ষম,৮০ বছৰৰ উৰ্ধৰ ভোটাৰ আৰু কোভিড সন্দেহযুক্ত বা কোভিড আক্রান্ত ভোটাৰ সকলৰ বাবেও পোষ্টেল বেলটৰ সুবিধা আগবঢ়াইছে । উপায়ুক্তই জনোৱা মতে মতে হোজাই জিলাৰ তিনিটা সমষ্টিত ৮০ বছৰৰ উৰ্ধৰ ভোটাৰ মুঠ১১ হাজাৰ ৩৮৭ জন।তাৰে যমুনামুখ সমষ্টিত ৪৭৮৪ জন,হোজাইত ৫০৮৭ জন আৰু লামডিং সমষ্টিত ৩৫৬০ জন ৷ ইয়াৰ পৰিৰ্বতে হোজাই জিলাত বিশেষ ভাবে সক্ষম মুঠ ভোটাৰ ২ হাজাৰ ৫৭৬ জন।যমুনাখত ৯৯৪ জন, হোজাইত ১০৪৭ জন আৰু লামডিংত ৫৩৫ জন৷এইখিনি ভোটাৰে পোষ্টেল বেলট যোগে তেওঁলোকৰ ভোট দান সংশ্লিষ্ট বি এল অ ৰ যোগেদি ৰিটাণিং বিষয়াৰ কাৰ্য্যালয়ত উপযুক্ত প্ৰমান-পত্ৰৰে১২ (ডি) নং আবেদন পত্ৰত দাখিল কৰিব লাগিব। এই দুই শ্ৰেণীৰ ভোটাৰৰ ঘৰে ঘৰে গৈ বি এল অ ই নিদিষ্ট প-পত্ৰ বিতৰণ,পূৰণ আৰু সংগ্ৰহ কৰিব। হোজাই জিলাত এই প-পত্ৰ সমূহ সংগ্ৰহ কৰা অন্তিম তাৰিখ হৈছে ১০ মাৰ্চ । সংবাদমেলত অতিৰিক্ত উপায়ুক্ত ইলিয়াছ এন আহমেদ আৰু জয়ন্ত কুমাৰ বৰা উপস্থিত থাকে ।
Breaking
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয় হ’ব উচ্চতম ন্যায়ালয়ত
- তুলসী চোগাৰ আৰু বৃক্কৰ সমস্যাত অতি উপকাৰী
- শোণিতপুৰ লখৰা কেন্দ্ৰীয় বিদ্যালয়ত ফুটবল খেল প্ৰতিযোগিতা আয়োজন
- আচৰিত! ‘নাগিন6’ৰ শ্বুটিং চলি থাকোতে হঠাৎ ছেটত উপস্থিত এডাল প্ৰকৃত সাপ
- গ্ৰীষ্মকালত আপোনাৰ মূৰৰ বিষ হয় নেকি? মুৰৰ বিষৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব
- APSC নতুন অধ্যক্ষ ৰূপে নিযুক্তি ড° অজন্তা নাথক
- ফুস্কা খাই ভাল পোৱা সকলৰ বাবে এক বেয়া খবৰ! নিষিদ্ধ ঘোষণা কৰা হৈছে ফুস্কা
- শক্তিশালী তাৰকা দম্পতী বুলি দীপিকা-ৰণবীৰ কিয় কোৱা হয়
- চলমান খানে পূজা হেগড়েৰ সৈতে কি কৰিছিল! এতিয়া ছ’চিয়েল মিডিয়াত ট্ৰ’লৰ আৰম্ভ
- ‘বিয়াৰ পাৰ্টিত কাম কৰাৰ সুযোগ পাব মালাইকাই’ পেৰিছৰ পৰা এই বাৰ্তা দিলে অৰ্জুন কাপুৰে