Breaking

ৰাজস্থানত অঘটন ! দিন দুপৰতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে ৰাজপুত কাৰ্ণী সেনাৰ সভাপতি সুখদেৱ সিং গোগামেদীক…

0 108

ৰাজস্থানত অঘটনঃ দিন দুপৰতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে ৰাজপুত কাৰ্ণী সেনাৰ সভাপতি সুখদেৱ সিং গোগামেদীক

ৰাজ্য খনত শাসনলৈ আহিছে বিজেপি। এনে সময়তে নতুন চৰকাৰৰ বাবে আহি পৰিছে এক প্ৰত্যহ্বান। ৰাষ্ট্ৰীয় ৰাজপুত কাৰ্ণী সেনাৰ সভাপতি সুখদেৱ সিং গোগামেদীক আজি জয়পুৰত দিন দুপৰতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। সুখদেৱক জয়পুৰত থকা তেওঁৰ নিজৰ ঘৰৰ ওচৰতে অচিনাক্ত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰে । হত্যাকাণ্ডৰ দৃশ্য চিচিটিভি ফুটেজত বন্দী হোৱাৰ পিছত সেয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আক্ৰমণকাৰীসকলৰ সন্ধান উলিয়াবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি সুখদেৱ মঙলবাৰে দিনৰ প্ৰায় ১.৪৫ বজাত তেওঁৰ ঘৰৰ ওচৰৰে এজন পৰিচিত ব্যক্তিৰ ঘৰত আছিল। সেই স্থানত এখন স্কুটাৰত উঠি চাৰিজন দুৰ্বৃত্ত উপস্থিত হয়। চিচিটিভি ফুটেজত দেখা গৈছে যে কেইজনমান লোকে সুখদেৱৰ সৈতে বহি কথা পাতি আছে আৰু হঠাতে তেওঁলোকে বহাৰ পৰা উঠি কাৰ্ণী সেনাৰ সভাপতিজনৰ ওপৰত গুলীচালনা কৰিবলৈ ধৰে। এই ঘটনাত সুখদেৱৰ সহযোগী অজিত সিং আৰু এজন নিৰাপত্তাৰক্ষীও গুৰুতৰভাবে আহত হয়। পিছত সুখদেৱক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

অজিত সিং আৰু নিৰাপত্তাৰক্ষীগৰাকী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। ৰাজস্থানৰ ডিজিপি উমেশ মিশ্ৰাই এক বিবৃতিত কয় যে প্ৰাথমিক প্ৰতিবেদন অনুসৰি চাৰিজন দুৰ্বৃত্তই দিনৰ পোহৰতে গুলীচালনা কৰি পলাই যায়। সুখদেৱৰ উপৰি তেওঁৰ নিৰাপত্তাৰক্ষী আৰু আন এজন ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে। ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। কোনে হত্যাকাণ্ডটো সংঘটিত কৰিছে সেয়া তদন্ত কৰি থকা হৈছে। ইপিনে খবৰ পোৱা অনুসৰি আৰক্ষীৰ গুলীত এজন আক্ৰমণকাৰী নিহত হৈছে। নিহত আক্ৰমণকাৰী জনৰ নাম নবীন সিং শ্বেখাৱট বুলি জনা গৈছে।

Leave A Reply