Breaking

ডিমাকুছিৰ ভোলাটাৰত হাতী পোৱালীৰ কৰুণ মৃত্যু: ব্যথিত প্ৰকৃতিপ্ৰেমী। খাদ্যৰ সন্ধানত জনাঞ্চললৈ আহি কুঁৱাত পৰি মৃত্যু এটি হাতী পোৱালী…

0 61

খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি নিশা জাকৰ পৰা মাকৰ লগত পানী খাবলৈ আহি কুঁৱাত পৰি মৃত্যুমুখত পৰে হাতী এটি পোৱালী। ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত নিৰৱছিন্নভাৱে চলি আহিছে হাতী-মানুহৰ সংঘাত এই সংঘাতৰ মাজতে মঙ্গলবাৰে পুৱতি নিশা ডিমাকুছিৰ ২ নং ভোলাটাৰত এটি বন্যহস্তীৰ পোৱালীৰ কুঁৱাত পৰি কৰুণ মৃত্যু হ’য় । বিশেষকৈ জিলাখনৰ বাদলাপাৰা চাহ বাগিছা , বৰঙ্গাজুলি চাহ বাগিছাকে ধৰি ৰজাগড়, নালাপাৰাত কেইবাদিনো বৃহৎ-বৃহৎ বনৰীয়া হাতীৰ জাকে বাহৰ পাতি থকা পৰিলক্ষিত হৈছে । ইয়াৰে খাদ্যৰ সন্ধানত ওলাই বাদলাপাৰা চাহ বাগিছাত থকা বন্যহস্তীৰ এটি বৃহৎ জাকৰ পৰা ফালৰি কাটি পোৱালীৰ সৈতে হাতীটো নিশা ২ নং ভোলাটাৰ গাঁৱত প্ৰৱেশ কৰে ৷ মাকৰ সৈতে গাঁওখনত প্ৰৱেশ কৰা পোৱালীটো পিয়াহত ক্ষুধা নিবাৰণৰ বাবে হয়তো পানী খাবলৈ আহি অসাৱধানবশত ফলত দুৰ্ভাগ্যবশতঃ এটি পৰিত্যক্ত কুঁৱাত পৰি যোৱাত কৰুণভাৱে মৃত্যুক আঁকোৱালি ল’য় বুলি সন্দেহ কৰে বন বিভাগৰ লোক আৰু স্থানীয় ৰাইজে । বুধবাৰে ৰাতিপুৱা স্থানীয় দৃশ্যটো প্ৰত্যক্ষ কৰি লগে-লগে বনবিভাগক খৱৰ দিয়ে ৷

স্থানীয় ৰাইজৰ খৱৰৰ ভিত্তিত পুৱাই বনবিভাগৰ লোক আৰু এছ এছ বি ৰ যোৱান ঘটনাস্থলীত উপস্থিত হৈ জেচিবিৰ সহায়ত বহু সময়ৰ অন্তত মৃত হাতী পোৱালীটো কুঁৱাৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় ৷ এনেদৰে বন্যহস্তীৰ পোৱালীটোৰ কৰুণ মৃত্যুত প্ৰকৃতিপ্ৰেমী সকলক ব্যথিত কৰি তুলিছে । ইফালে অঞ্চলটোত নিতৌ বৃদ্ধি পাইছে জীৱশ্ৰেষ্ঠ মানৱৰ সৈতে বন্যহস্তীৰ সংঘাত , কিন্তু সমস্যা সমাধানত নিৰুপায় হৈ পৰিছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ । স্থানীয় ৰাইজৰ অভিযোগ সংকুচিত বনাঞ্চলত তীব্ৰ খাদ্যসংকটত ভূগি বনাঞ্চলৰ হাতী জনাঞ্চললৈ ওলাই আহি খাদ্যৰ সন্ধানত প্ৰত্যক্ষ সংঘাতত লিপ্ত হৈছে মানুহৰ সৈতে ৷ যাৰ বাবে নিশা হ’লেই বন্যহস্তীৰ সৈতে সহবাস কৰিবলগীয়া হৈছে জীৱশ্ৰেষ্ঠ মানৱে ৷ ইতিমধ্যে হাতী মানুহৰ সংঘাতত সৰ্বশ্ৰান্ত হ’ৱলগীয়া হৈছে বহু পৰিয়াল । ভাৰত-ভূটান অঞ্চলটোত দৈনিক বৃদ্ধি পাবলৈ ধৰা হাতী মানুহৰ সংঘাতৰ নিৰাময় কেতিয়া তাৰ উত্তৰ এতিয়া নাই কাৰো হাতত ৷

Leave A Reply