Breaking

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা ঠেলামৰাৰ এটি দৰিদ্ৰ পৰিয়ালৰ কৰুণ গাঁথা। অসুখীয়া দেহাৰে দিন-হাজিৰা কৰি দৃষ্টিহীন পুত্ৰৰ সৈতে জীৱন নিৰ্বাহ কৰি আছে এগৰাকী মাতৃয়ে…

0 40

ঢেকিয়াজুলি বিধান সভা সমষ্টিৰ অন্তৰ্গত ঠেলামৰাৰ এটি দৰিদ্ৰ পৰিয়ালৰ কৰুণ গাঁথা৷ আজিলৈকে কোনো চৰকাৰী আঁচনিয়ে ঢুকি নাপালে এই দৰিদ্ৰ পৰিয়ালটিক। অসুখীয়া দেহাৰে দিন হাজিৰা কৰি দৃষ্টিহীন পুত্ৰৰ সৈতে এটা সাধাৰণ গৃহত কোনোমতে জীৱন নিৰ্বাহ কৰিছে এগৰাকী মাতৃয়ে, নাম- হেম তাঁতি৷ জন্মৰ এবছৰৰ পিছতেই জটিল ৰোগত আক্ৰান্ত হৈছিল একমাত্ৰ পুত্ৰ দেৱ তাঁতি৷ দিন হাজিৰা কৰা পিতৃয়ে অৰ্থৰ অভাৱত পুত্ৰ দেৱ তাঁতিক চিকিৎসা কৰিব নোৱাৰাত এবছৰ পিছতেই দৃষ্টিহীন হৈ পৰে পুত্ৰ দেৱ তাঁতি৷ দুয়োটা চকুৰে দেখা নোপোৱা দেৱ তাঁতি আজি ২৮ বছৰীয়া ডেকা। কিছুদিন পূৰ্বে দেৱৰ পিতৃৰ বিয়োগ হোৱাত অসুখীয়া মাতৃ গৰাকীয়েই অতি কষ্টেৰে আনৰ ঘৰত কাম কৰি দৃষ্টিহীন পুত্ৰক কৰিছে এতিয়া প্ৰতিপালন ৷ আৰ্থিক অনাটনৰ বাবে দৃষ্টিহীন পুত্ৰক লৈ চিন্তিত হৈ পৰিছে মাতৃ গৰাকী৷ অভাৱ অনাটনৰ কথা চিন্তা কৰি প্ৰায়ে জুবিনৰ গীত, ভূপেন হাজৰিকাৰ গীত গায় ভালপোৱা সুন্দৰ কণ্ঠৰ এই গৰাকী দৃষ্টিহীন যুৱক দেৱ তাঁতিয়ে ইতিমধ্যে এৰিলে সংগীত চৰ্চা৷ গীত গাব দিলেও দেৱই আজিকালি নাগায় গীত৷ অতি দুখ আৰু পৰিতাপৰ কথা এইয়ে যে বামুনপুখুৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত এই দুৰ্ভগীয়া পৰায়ালটোক আজিলৈকে ঢুকি পোৱা নাই সততে উন্নয়নৰ ঢাকঢোল বজোৱা বিজেপি মিত্ৰজোট চৰকাৰৰ উন্নয়নমূলক আচনী সমূহে। এটা পানী পৰা সাধাৰণ গৃহত কোনোমতে মাতৃ-পুত্ৰই অতিবাহিত কৰিছে জীৱন।আজি পৰ্যন্ত বামুনপুখুৰী গাওঁ পঞ্চায়তৰ জনপ্ৰতিনিধিৰ দৃষ্টিত নপৰিল এই দুৰ্ভগীয়া পৰিয়ালটো।

আজিলৈকে পৰিয়ালটোৱে লাভ নকৰিলে এটা চৰকাৰী আবাস গৃহ৷ চৰকাৰী আৱাস গৃহৰ বাবে বহুবাৰ আবেদন নিবেদন কৰিও পৰিয়ালটোৱে পোৱা নাই কোনো সুফল। বিয়া দিয়া কণ্যা গৰাকীয়ে মাজে সময়ে আহি খবৰ লয়হি বৃদ্ধ মাতৃ আৰু দৃষ্টিহীন ভাতৃৰ৷ বিশেষ ভাৱে সক্ষম যুৱক গৰাকীয়ে চৰকাৰৰ পৰা বিগত এটা বছৰ ধৰি লাভ কৰা নাই এটকাও৷ যাৰ বাবে চিন্তিত হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো৷ মানসিকভাৱে ভাগি পৰিছে দৃষ্টিহীন যুৱক গৰাকী ৷ এয়াই হৈছে সচৰাচৰ উন্নয়নৰ ঢাক ঢোল বজাই চমক দিব বিচৰা অসম চৰকাৰৰ কৰ্মৰ এখনি জীয়াছবি। যিয়ে প্ৰমাণ কৰিছে যে চৰকাৰী আঁচনিয়ে অসমৰ এনে দুৰ্ভগীয়া সকলো পৰিয়ালক ঢুকি পাইছে নে নাই।আগন্তুক সময়ত স্হানীয় বিধায়ক তথা পঞ্চায়তৰ জনপ্ৰতিনিধি সকলে দুৰ্ভগীয়া পৰিয়ালটোৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেইয়াহে হ’ব লক্ষণীয় ৷

Leave A Reply