Breaking

অৰুনোদয় আঁচনি আৰু চৰকাৰী গৃহৰ পৰা বঞ্চিত এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী।

0 25

বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰিও একো সকাহ নোপোৱা এটি দুৰ্ভগীয়া পৰিয়াল। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱা নাৰায়ণপুৰ গাঁৱৰ এই অসহায় পৰিয়ালটি। উল্লেখ্য যে নাৰায়্ণপুৰ গাঁৱৰ বিধবা মহিলা মালেকা বেগমৰ কণিষ্ঠ পুত্ৰ ৰফিকুল আলী বিশেষভাবে সক্ষম এজন লোক। খোজকাঢ়িব নোৱাৰা হৈ সৰ্বস্বান্ত হোৱা এই পৰিয়ালটোৱে টকাৰ অভাৱত ৰফিকুলৰ চিকিৎসা আধৰুৱা কৰিবলগীয়া হৈছে।

৪জনীয়া এই পৰিয়ালটোৱে কেৱল অসহায়ভাৱে চাই থাকিবলগীয়া হৈছে ৰফিকুলক।অসহায় পৰিয়ালটিৰ মুৰব্বী মালেকা বেগমে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰভাৱে অনুৰোধ কৰিছে যাতে তেওঁলোকৰ কণিষ্ঠ পুত্ৰ ৰফিকুলৰ উন্নতমানৰ চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে। কোনো সদাশয় লোকে পৰিয়ালটোক আর্থিকভাৱে কিছু সহায় কৰিব বিচাৰিলে পৰিয়ালটোৰ মুৰব্বী ৰফিকুল ৰ মোবাইল নম্বৰ 6003877568 ত যোগাযোগ কৰিব পাৰিব বা ৰফিকুলৰ কাপলাবড়ীস্থিত ইউকো বেংকৰ IFSC code: UCBA0002650 আৰু একাউণ্ট নম্বৰ 26503211003267 ত আৰ্থিকভাৱে সাহাৰ্য আগবঢ়াব পাৰিব।

Leave A Reply