Breaking

বিশ্বজুৰি প্ৰায় ৭০ খন দেশত একেলগে মুক্তি লাভ কৰিব আদিপুৰুষ ছবিৰ ট্ৰেইলাৰ…

0 75

২০২৩ চনৰ ১৬ জুনত ছবিগৃহত মুক্তি পাব বহু প্ৰত্যাশিত ছবি আদিপুৰুষ।বহু বিতৰ্কৰ অন্তত এতিয়া আগ্ৰহেৰে অপেক্ষা কৰা হৈছে আদিপুৰুষৰলৈ। প্ৰভাস আৰু কৃতি ছাননৰ এই ছবিখনৰ ট্ৰেইলাৰ ৯ মে’ত প্ৰায় ৭০ খন দেশত একেলগে মুক্তি পাব। ছবিখন মুক্তি পোৱাৰ পূৰ্বেই আদিপুৰুষক লৈ ৰাইজৰ মাজত যথেষ্ট উত্তেজনা দেখা গৈছে। ছবিখনৰ ট্ৰেইলাৰ এতিয়াও মুক্তি পোৱা নাই যদিও ৯ মে’ত এই অপেক্ষাৰৰ অন্ত পৰিব। শ্ৰী ৰামৰ চৰিত্ৰত প্ৰভাস আৰু মাতা সীতাৰ চৰিত্ৰত কৃতি চেনন আভাস দেখা যাব একেলগে প্ৰায় ৭০খন দেশত। আদিপুৰুষ ছবিয়ে প্ৰথমে এক বিতৰ্কৰ পৰা লাইমলাইট দখল কৰিছিল। তাৰ পাছত শ্ৰী ৰাম, মাতা সীতা আৰু ভগৱান হনুমানৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা সকলৰ লুক পোষ্টাৰ পৃথকে পৃথকে মুকলি কৰি অনুৰাগীৰ হৃদয়ত স্থান পালে।

এতিয়া আদিপুৰুষৰ নিৰ্মাতাসকলে মেগা লঞ্চ ইভেণ্টৰ জৰিয়তে বিশ্বব্যাপী ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰিবলৈ ওলাইছে। এই ছবিখন কেৱল ভাৰততে নহয় আমেৰিকা, কানাডা, মধ্যপ্ৰাচ্য, অষ্ট্ৰেলিয়াকে ধৰি বহু দেশত প্ৰদৰ্শিত হ’ব। ২০২২ চনৰ নৱেম্বৰ মাহত যেতিয়া ছবিখনৰ টিজাৰ মুক্তি পাইছিল, তেতিয়া বহুত হুলস্থুল হৈছিল। শ্ৰীৰামৰ চেহেৰাৰ পৰা আৰম্ভ কৰি ৰাৱণৰ দাড়ি গোঁফলৈকে মানুহে বহুত হুলস্থুলৰ সৃষ্টি কৰিছিল। বিতৰ্কৰ পৰিপ্ৰেক্ষিতত নিৰ্মাতাসকলে ছবিখনৰ মুক্তি পিছুৱাই দিয়ে। এই ছবিখনে ২০২৩ চনৰ জানুৱাৰী মাহত মুক্তি পাবলগীয়া আছিল।

Leave A Reply