এটা নতুন ধাৰণা। একেখন কবিতাৰ কিতাপ এফালৰ পৰা অসমীয়া ভাষাত আৰু আনটো ফালৰ পৰা একেখিনি কবিতা ইংৰাজীত।
লেখক, সাংবাদিক তথা অনুবাদক গিৰীন্দ্ৰ শইকীয়াই নিজে ৰচনা কৰা এলানি কবিতা একেখন কিতাপত অসমীয়া ফালটোৰ নাম হৈছে ‘গানৰ চৰাই হৈ’ আৰু ইংৰাজী ফালৰ নাম ‘বিইং এ বাৰ্ড অফ ছং’ (Being A Bird of Song)।
গুৱাহাটীৰ হাতীগাঁৱৰ ছেভ পাব্লিচাৰ্ছে প্ৰকাশ কৰা গ্ৰন্থখনত সন্নিৱিষ্ট অসমীয়া কবিতাসমূহৰ ইংৰাজীলৈ অনুবাদ শইকীয়াই নিজেই কৰিছে।
কিতাপৰ এই নতুন ধাৰণাৰ নাম শইকীয়াই দিছে ‘টু-ইন-ৱান বুক’।
![](https://www.dainandinbartagroup.in/wp-content/uploads/2023/03/721e6a32-fbbf-4bf3-90c6-e3c80d6a114d-1-1024x505.jpeg)
আজি গুৱাহাটীৰ হাতীগাঁৱত থকা প্ৰকাশন সংস্থাটোৰ কাৰ্যালয়ত প্ৰকাশক বুলবুল জামানুৰ হকে আঁত ধৰা সভাখনত গ্ৰন্থখন উন্মোচন কৰে লেখক তথা ‘অসমীয়া বিতৰ্ক’ আলোচনীৰ উপদেষ্টা প্ৰণব আচাৰ্য, ‘দা নিউজ প্লাছ’ৰ কাৰ্যবাহী সম্পাদক চন্দ্ৰ কুমাৰ শইকীয়া, প্ৰগতিশীল উন্নয়ন মঞ্চ অসমৰ সভাপতি অমৰ ৰাজখোৱা আদিয়ে।