Breaking

ভোটাধিকাৰ সাব্যস্ত কৰি ৰাষ্ট্ৰীয় আৰু জাতীয় দায়িত্ব পালন কৰিবলৈ যুৱশক্তিক আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

0 15

প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া দেশৰ নতুন ভোটাৰসকলক বৃহস্পতিবাৰে ‘ৰাষ্ট্ৰীয় ভোটাৰ দিৱস’ৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাৰুৱা কথাৰে উজ্জীৱিত কৰে আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰে। এই অভিনৱ প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত গুৱাহাটীতো আয়োজিত ‘নমো নৱ ভোটদাতা সন্মিলন’ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি নতুন ভোটাৰসকলৰ সৈতে মত বিনিময় কৰে।

যুৱশক্তিক উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “যুৱশক্তি ~ ভাৰতৰ মহাশক্তি। এই যুৱশক্তি শক্তিশালী হ’লেহে দেশ শক্তিশালী হ’ব। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনভাৰ লোৱাৰ পৰাই বিগত প্ৰায় ১০ বছৰে যুৱপ্ৰজন্মৰ সবলীকৰণৰ দিশটোৱে যথেষ্ট গুৰুত্ব লাভ কৰিছে। বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে যুৱপ্ৰজন্মৰ বাবে বিভিন্ন কল্যাণকামী আঁচনি তথা পদক্ষেপ গ্ৰহণৰ লগতে যুৱশক্তিক দেশৰ উন্নয়নৰ নৱজাগৰণৰ মহাশক্তিলৈ ৰূপান্তৰিত কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত দেশৰ যুৱশক্তিৰ আশা-আকাংক্ষা বাস্তৱায়িত হৈছে। ২০৪৭ চনৰ অমৃতকালৰ ভিতৰত ভাৰতক বিশ্বৰ বুকুত এখন আত্মনিৰ্ভৰ আৰু আগশাৰীৰ শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ দিশত এই যুৱশক্তিয়ে সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব বুলি আমি দৃঢ় বিশ্বাসী।”

সোণোৱালে লগতে কয়, “এইবাৰ প্ৰথমবাৰৰ বাবে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক প্ৰক্ৰিয়াত ভাগ ল’বলগীয়া নতুন ভোটাৰসকলক মই শুভকামনা জনালোঁ। তেওঁলোক দেশৰ প্ৰগতিৰ নতুন ধ্বজাবাহক। অনাগত দিনবোৰত ভোটাধিকাৰ সাব্যস্ত কৰি ৰাষ্ট্ৰীয় আৰু জাতীয় দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ যুৱশক্তিক আহ্বান জনালোঁ। পূৰ্বতে কংগ্ৰেছ চৰকাৰে যুৱপ্ৰজন্মক ভোটবেংক হিচাপে ব্যৱহাৰ কৰিছিল, আনহাতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে কোনোধৰণৰ সদিচ্ছামূলক পদক্ষেপ হাতত নল’লে। কংগ্ৰেছৰ দিনত যুৱপ্ৰজন্মই তীব্ৰ হতাশাত ভুগিছিল। কিন্তু মোদী ডাঙৰীয়াই এখন বিকশিত, আত্মনিৰ্ভৰ আৰু শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলাৰ দিশত ভাৰতৰ যুৱপ্ৰজন্মক যথেষ্ট উদ্বুদ্ধ কৰিছে। আমাৰ চৰকাৰে এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত যুৱশক্তিক সবাতোকৈ অগ্ৰাধিকাৰ দি কাম কৰি আছে।

‘ষ্টাৰ্ট আপ ইণ্ডিয়া’, ‘ডিজিটেল ইণ্ডিয়া’, ‘পিএম বিশ্বকৰ্মা’, ‘স্কিল ইণ্ডিয়া মিছন’, ‘মেক ইন ইণ্ডিয়া’, ‘পিএম মুদ্ৰা যোজনা’, ‘ৰোজগাৰ মেলা’ আৰু বহুতো বিষয়ৰ উদ্দেশ্য হৈছে আমাৰ যুৱক-যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্যত প্ৰতিশ্ৰুতিবদ্ধ হ’বলৈ সক্ষম কৰা। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত দেশৰ ৰূপান্তৰ সাধনৰ দিশত যুৱশক্তিক বিশেষ প্ৰাধান্য দিয়া হৈছে। এতিয়া চাকৰিৰ উপৰিও স্ব-নিযুক্তি আৰু উদ্যমিতাৰ ক্ষেত্ৰখন যুৱপ্ৰজন্মৰ বাবে সুচল হৈ উঠিছে। দেশৰ যুৱক-যুৱতীসকলে কংগ্ৰেছৰ অপশাসনৰ দিনত দুৰ্নীতিৰ কুফলৰ বিৰুদ্ধে যুঁজিব লগা হৈছিল। নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ নোহোৱাৰ ফলত বহু মেধাৰ অপচয় হৈছিল। কিন্তু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কংগ্ৰেছৰ এই পক্ষপাতমূলক অন্ধকাৰ যুগৰ অৱসান ঘটাই দেশৰ যুৱপ্ৰজন্মৰ মাজত আশাৰ নতুন ৰেঙণিৰ সঞ্চাৰ কৰিলে। নতুন প্ৰজন্মৰ অফুৰন্ত উৎসাহ-উদ্দীপনা আৰু কৰ্মকুশলতা অত্যন্ত প্ৰশংসনীয়। ভাৰত মাতাৰ প্ৰতি নিষ্ঠাপূৰ্ণ সেৱা আগবঢ়াই যোৱাৰ ক্ষেত্ৰত এই যুৱশক্তিয়ে অগ্ৰণী ভূমিকা পালন কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। মোদী ডাঙৰীয়াৰ উন্নয়নমূলক পদক্ষেপৰ সৈতে যুৱপ্ৰজন্মক ব্যাপক ৰূপত চামিল কৰাৰ বাবে ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ সভাপতি শ্ৰী সিধাংকু অংকুৰ বৰুৱা আৰু উৎসাহী কাৰ্যকৰ্তাসকলৰ শলাগ লৈছোঁ। যুৱশক্তিলৈ মোৰ আন্তৰিক আহ্বান- আপোনাৰ এটা মূল্যবান ভোটেই আপোনাৰ সপোনৰ ভাৰতবৰ্ষখন গঢ়ি তোলাত সহায় কৰিব।”

অনুষ্ঠানত লগতে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উপ-সভাপতিদ্বয় নৱ কুমাৰ দলে আৰু জয়ন্ত কুমাৰ দাস, সম্পাদক বিকুল ডেকা, ভাৰতীয় জনতা যুৱ মৰ্চা, গুৱাহাটী মহানগৰ জিলাৰ সভাপতি নীহাৰেন্দ্ৰ শৰ্মা প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকল।

Leave A Reply