Breaking

মহানগৰীৰ চচলত সান্তনা দাস বৰ্মণৰ ‘উপায়ন’ উন্মোচন, ছন্দ অবিহনে কবিতাৰ সৃষ্টি নহয় – সাহিত্যিক, সমালোচক ড° আনন্দ বৰমুদৈ…

0 25

ছন্দবদ্ধ কবিতাৰ এক সুকীয়া বৈশিষ্ট্য আছে ৷ ছন্দবদ্ধতাই কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰে ৷ সান্ত্বনা দাস বৰ্মনৰ কবিতা পুথি “উপায়ন” উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক, সমালোচক ড° আনন্দ বৰমুদৈয়ে মন্তব্য আগবঢ়ায় ৷ ছন্দৰ অবিহনে কবিতাৰ সৃষ্টি নহয় এই মন্তব্যৰে অসমীয়া কবিতাৰ এক বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷ চচল ৰাজহুৱা নামঘৰৰ প্ৰেক্ষাগৃহত ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেচনে আয়োজন কৰা বৰ্ণাঢ্য সভাখনত সভাপতিত্ব কৰে কামৰূম(মঃ) জিলাৰ সভানেত্ৰী সৱিতা দেৱীয়ে । সভাত বিশিষ্ট কবি দেবপ্ৰসাদ তালুকদাৰে সান্তনা দাস বৰ্মণৰ কবিতাপুথি ‘উপায়ন’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৷লগতে কবিতাপুথি খনত সন্নিবিষ্ট কৰা কবিতাৰ বিষয়বস্তু আৰু বৈশিষ্ট্যৰ সম্পৰ্কে এক বিশ্লেষণাত্মক বক্তব্য আগবঢ়ায় । ড° আৰতি কলিতাৰ বন্তি প্ৰজ্বলন আৰু অনাতাঁৰ শিল্পী প্ৰণতি বৰুৱাৰ কণ্ঠৰ এটি বৰগীতেৰে আৰম্ভ কৰা সভাখনত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে বিশিষ্ট লেখক ডাঃ জিতেন ভূঞাই।

ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেচনৰ সম্পাদক মোহন দত্তই আঁত ধৰা সভাখনত সান্ত্বনা দাস বৰ্মনৰ কবিতা আবৃত্তি কৰে ক্ৰমে ড্ৰিমি বৰ্মন, ৰিংকুমণি দাস আৰু হীৰামণি তালুকদাৰে আৰু গীত পৰিৱেশন কৰে কৃষ্টি দাস আৰু প্ৰদীপ শৰ্মাই, একক অভিনয় কৰে মালা শৰ্মাই তথা বাঁহীত বৰগীতৰ সুৰ পৰিৱেশন কৰি হৰিনাৰায়ণ বৰ্মনে উপস্থিত সকলোকে আপ্লুত কৰে । সমজুৱাৰ ফালৰ পৰা বক্তব্য আগবঢ়ায় চচল শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কৃষ্ণকান্ত নাথ,ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ভূপেন্দ্ৰ নাথ দাস, সাহিত্যিক ফণিধৰ ডেকাৰ আৰু চচল শতদল শাখা সাহিত্য সভাৰ উপ-সভাপতি তথা বিশিষ্ট গৱেষক ড° মিনেশ্বৰ হাজৰিকাই । অসম সংগীতেৰে উন্মোচনী সভাৰ সফল সামৰণি পৰে।

Leave A Reply