Breaking

প্ৰসিদ্ধ ভাস্কৰ্য্য শিল্পী বীৰেন সিংহই নিৰ্মাণ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্ণাবয়ৱ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন “পকী” ৰ সন্মুখত…

0 26

অসম আৰু অসমীয়াৰ স্বাভিমান তেজপুৰৰ ঐতিহাসিক “পকী” পুনৰ নতুন ৰূপত উদ্ভাসিত হৈ পৰিল। উল্লেখ্য যে ৰূপান্তৰৰ শিল্পী জ্যোতি প্ৰসাদ আগৰৱালাৰ পিতৃ পুৰুষৰ স্মৃতি বিজড়িত ঐতিহাসিক “পকী” তথা বৰ্তমানৰ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধিনস্হ জ্যোতি ভাৰতীৰ উন্নীতকৰণৰ বাবে অসম চৰকাৰে আগবঢ়োৱা ১৩ কোটি টকাৰ প্ৰাৰম্ভিক কাৰ্য হিচাপে “পকী” ৰ চোতালত ৰাজ্যখনৰ প্ৰসিদ্ধ ভাস্কৰ্য্য শিল্পী বীৰেন সিংহই নিৰ্মাণ কৰা ৰূপকোঁৱৰৰ পূৰ্ণাবয়ৱ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ লগতে তেজপুৰৰ চিত্ৰ – ভাস্কৰ্য্য শিল্পী মৃগেন কলিতাই অতি নান্দনিক ৰূপত নিৰ্মাণ কৰা মূল তোৰণখন তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, প্ৰাক্তন মন্ত্ৰী তথা বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত আৰু জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে তেজপুৰৰ একাংশ বিশিষ্ট ব্যক্তি আৰু শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত থকা ব্যক্তিৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে উন্মোচন আৰু উদ্ঘাটন কৰে অসম চৰকাৰৰ গৃহ – নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে।

গায়ন বায়নৰ খোল – তাল বাদনৰ মাংগলিক পৰিৱেশত আকৰ্ষণীয় মূল তোৰণখন উদ্ঘাটন কৰাৰ পিছত তেজপুৰৰ শিল্পীৰ সমবেত জ্যোতি সংগীতৰ সুমধুৰ পৰিৱেশৰ মাজত পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিটো মন্ত্ৰী অশোক সিংহলে উন্মোচন কৰাৰ সময়ত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয়। মন্ত্ৰী গৰাকীৰ লগতে দুয়োগৰাকী বিধায়কে প্ৰতিমূৰ্তিটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, অগপৰ জিলা সভাপতি ৰাতুল কুমাৰ নাথ, বিশিষ্ট শিক্ষাবিদ ড০ ভুবনেশ্বৰ চহৰীয়া, মহেন্দ্ৰ নাথ কেওঁট, বিশিষ্ট কন্ঠশিল্পী দুৰ্গাময়ী বৰা, জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মা আদি আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত এই শুভাৰম্ভণি অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰি জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ঐতিহাসিক “পকী” তথা জ্যোতি ভাৰতীৰ উন্নীতকৰণৰ লগতে জ্যোতি ভাৰতীৰ অমূল্য সম্পদসমূহ বিজ্ঞানসন্মতভাবে আৰু পৰিকল্পিত ভাৱে সংৰক্ষণৰ বাবে অসম চৰকাৰে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে আৰু ইয়াৰ প্ৰাৰম্ভিক অংশ হিচাপে আজি এই দুই গুৰুত্বপূৰ্ণ সম্পদ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় ।।শোণিতপুৰ প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱাই আঁত ধৰা আৰু জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসে শলাগ জ্ঞাপন কৰা অনুষ্ঠানটিত মন্ত্ৰী অশোক সিংহলে প্ৰথমেই তোৰণ নিৰ্মাণ কৰা তেজপুৰৰ বিশিষ্ট চিত্ৰ – ভাস্কৰ্য্য শিল্পী মৃগেন কলিতাক এখন গামোচাৰে সন্মান জনাই।

ইয়াৰ পিছতেই ভাষণ প্ৰসংগত নিজৰ জীৱনৰ বাবে আজিৰ দিনটো সদায় গৌৰৱৰ দিন হৈ থাকিব বুলি মন্তব্য কৰি তেজপুৰৰ “পকী” অসমৰ সংস্কৃতি, অসমৰ ভাষা – সাহিত্য আৰু অসমৰ ইতিহাসৰ প্ৰতীকেই নহয় সমগ্ৰ অসমবাসীৰ স্বাভিমান বুলি মন্তব্য কৰি স্বৰ্ণিল তেজপুৰৰ বাবে আজিৰ দিনটো স্মৰণীয় দিন হৈ ৰ’ব বুলি মন্তব্য কৰে ।মন্ত্ৰী সিংহলে ৰূপান্তৰৰ শিল্পী জ্যোতি প্ৰসাদ আগৰৱালাই তাহানিতেই আজিৰ দৰে কোনো ধৰণৰ সুবিধা নথকাকৈ অসমৰ এই তেজপুৰৰ পৰাই চিনেমা নিৰ্মান কৰাৰ সপোন দেখি সুদূৰ জাৰ্মানীলৈ গৈ ইয়াৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰি ভোলাগুৰি চাহ বাগিচাতে ষ্টুডিঅ নিৰ্মান কৰি প্ৰথমখন অসমীয়া চলচ্চিত্ৰ “জয়মতী” নিৰ্মাণ কৰাতো কেনে সাহসিকতাৰ আৰু কষ্ট সাধ্য কাম আছিল সেয়া ভাৱিলেই আচৰিত লাগে বুলি মন্তব্য কৰে। মন্ত্ৰী সিংহলে সৃষ্টিশীলতাৰ সকলো ক্ষেত্ৰতে জ্যোতি প্ৰসাদ আগৰৱালাই যি প্ৰতিভাৰ স্বাক্ষৰ ৰাখি থৈ গ’ল সেয়া সৰ্বকালৰ বাবে সকলোৰে বাবে প্ৰাত:স্মৰণীয় হৈ থাকিব বুলি মন্তব্য কৰে।

Leave A Reply