Breaking

ভয়ংকৰ বানৰ কবলত পৰিছে নগৰবেৰাৰ বিস্তৃৰ্ণ অঞ্চল

0 1,077

জলজলী নৈৰ বানে লৈছে ভয়ংকৰ ৰূপ।বিগত কেইদিনমানৰ পৰা নেৰানেপেৰা বৰষুণ ফলত হঠাৎ বৃদ্ধি পাইছে জলজলী নৈৰ জলপৃষ্ঠ
আৰু এৰাতিৰ ভিতৰতে নগৰবেৰা, বদলা, টিয়াপাৰা, মালিৱাৰী, জামলাই, কল্যাণপুৰ, পলাহৰটাৰী, নাইটৰ-খামেৰী আদি কৰি কেইৱাটাও অঞ্চলৰ হাজাৰ হাজাৰ ইৰিধানৰ খেতি বুৰাই পেলোৱাত দৰিদ্ৰ কৃষক ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ ময় পৰিস্থিতিৰ মূৰৰ ঘাম মাটিত পেলাই দিনে নিশাই কষ্ট কৰা খেতি হঠাৎ বানপানীয়ে বুৰাই পেলোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে।

একাংশই উপায়বিহীন আধাপকা ধানো কাটিবলগীয়া হৈছে।ক্ষতিগ্ৰস্ত দৰিদ্ৰ কৃষক ৰাইজক ক্ষতিপূৰণ দিবলৈ চৰকাৰ তথা ৰাজ্যৰ কৃষি বিভাগক কাতৰ আহ্বান জনাইছে।

Leave A Reply