Breaking

মহাবিদ্যালয়ৰ সামগ্ৰীক উন্নয়ন-ছাত্ৰবৃত্তিৰ ধন আত্মসাতৰ অভিযোগঃ প্ৰাক্তন অধ্যক্ষ- চতুৰ্থবৰ্গৰ কৰ্মচাৰীক জে’ললৈ প্ৰেৰণ…

0 73

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ সামগ্ৰীক উন্নয়নৰ ধনৰ লগতে ছাত্ৰবৃত্তিৰ ধন আত্মসাতৰ অভিযোগত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰী এজনক বকো আৰক্ষীয়ে আজি জে’ল-হাজোতলৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ সামগ্ৰীক উন্নয়ন তথা অন্য শিতানৰ ৪৯,১৪,৩৯৫ টকাৰ পৰা ৩১,৮০,৪৯৪ টকা বেংকৰ পৰা উঠায় যদিও খৰচৰ কোনোধৰণৰ বিবৰণ দিব পৰা নাই বুলি মহাবিদ্যালয়খনৰ অধ্যাপকসকলে ইতিপূৰ্বে অভিযোগ উত্থাপন কৰিছিল।

অৱশ্যে উক্ত টকাৰে কিছু পৰিমাণৰ কাম কৰিছিল যদিও প্ৰাক্তন অধ্যক্ষ ড০ আবুল কালাম আজাদে প্ৰায় ৩২ লাখ টকা আত্মসাৎ কৰে৷ উল্লেখ্য যে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰূপে তপন দত্তই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিচতে প্ৰাক্তন অধ্যক্ষ ড০ আবুল কালাম আজাদৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছিল৷ প্ৰাক্তন অধ্যক্ষ ড০ আবুল কালাম আজাদে মহাবিদ্যালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী ৰবিউল ইছলাম ওৰফে মিঠুৰ লগত মিলি সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত অহা ধন হৰলুকি কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

তদুপৰি চতুৰ্থবৰ্গৰ কৰ্মচাৰী ৰবিউল ইছলামৰ পত্নী তথা মহাবিদ্যালয়ৰ ছাত্ৰী নুৰনাহাৰ আকতাৰক নডেল বিষয়া সজাই অধ্যক্ষ আবুল কালাম আজাদ আৰু ৰবিউল ইছলামে মহাবিদ্যালয়ত বিগত দিনত লুণ্ঠনৰাজ চলাই আহিছিল৷ উল্লেখ্য যে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তপন দত্তই বিগত বৰ্ষৰ নৱেম্বৰৰ শেষৰ পিনে প্ৰাক্তন অধ্যক্ষ আবুল কালাম আজাদ আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰী ৰবিউল ইছলামৰ বিৰুদ্ধে বকো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷ আনহাতে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰী গোটে মহাবিদ্যালয়ৰ সামগ্ৰীক উন্নয়ন তথা আন আন শিতানত সংগঠিত দুৰ্নীতি সন্দৰ্ভত বিগত বৰ্ষৰ ডিচেম্বৰৰ শেষৰ পিনে বকো থানাত অভিযোগ দাখিল কৰে৷

সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰী গোটে দাখিল কৰা অভিযোগৰ ভিত্তিত বকো আৰক্ষীয়ে কালি প্ৰাক্তন অধ্যক্ষ ড০ আবুল কালাম আজাদ আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰী ৰবিউল ইছলামক সোধ-পোছৰ বাবে আটক কৰে৷ ইপিনে মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে মিলি বেংক একাউণ্টত জমা থকা ৪৯,১৪,৩৯৫ টকাৰ পৰা ৩১,৮০,৪৯৪ টকা গোপনে উলিয়াই আত্মসাৎ কৰাৰ বিপৰীতে আৰক্ষীৰ তদন্তত প্ৰাক্তন অধ্যক্ষগৰাকীৰ ভাউচাৰমৰ্মে ৬,৫২,৭৪০ টকা উলিওৱা দেখুওৱা হৈছে৷

বকো আৰক্ষীয়ে আজি সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আবুল কালাম আজাদ আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰী ৰবিউল ইছলামক গ্ৰেপ্তাৰ কৰি বকো থানাত পঞ্জীভূক্ত ০২/২৩ নম্বৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৪২০/৪০৯/৪৬৮ ধাৰাৰ অধীনত সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আবুল কালাম আজাদ আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰী ৰবিউল ইছলামক বকো আৰক্ষীয়ে আজি জে’ল-হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷

-ৰেজাউল কবিৰ

Leave A Reply