Breaking

এখন পাকিস্তানী বিয়াৰ ভাইৰেল ভিডিঅ এতিয়া চৰ্চাৰ বিষয়…

0 76

পাকিস্তানী বিয়াঃ বিবাহক স্মৰণীয় কৰি তোলাটো প্ৰতিগৰাকী ছোৱালী আৰু ল’ৰাৰ ইচ্ছা। প্ৰত্যেকেই নিজৰ বিবাহ স্মৰণীয় কৰি তুলিবলৈ কিবা নহয় কিবা এটা বেলেগ ধৰণে ব্যৱহাৰ কৰে। পাকিস্তানৰ এখন বিয়াৰ এনে এটা ভিডিঅ’ চৰ্চাৰ বিষয় হৈ পৰিছে। পাকিস্তানী কইনাগৰাকীয়ে নিজৰ বিবাহত কিবা এটা কৰিলে যে মানুহে চচিয়েল মিডিয়াত চৰ্চা কৰি আছে।

আচলতে পাকিস্তানৰ এগৰাকী কইনাই নিজৰ বিবাহত এনেদৰে এণ্ট্ৰি কৰিছিল যে মানুহে চাই থাকিল। মঞ্চত খোজ কঢ়াৰ সলনি প্ৰকাণ্ড চেণ্ডেলিয়াৰত বহি এই কইনাগৰাকীয়ে বিবাহ অনুষ্ঠানত প্ৰৱেশ কৰিছিল। ভাইৰেল ভিডিঅ’টোত কইনাগৰাকীক চেণ্ডেলিয়াৰত পিতৃৰ সৈতে দেখা গৈছে। কিন্তু একাংশ ব্যৱহাৰকাৰীয়ে কইনাগৰাকীক প্ৰশংসা কৰাৰ বিপৰীতে একাংশই ইয়াক ‘অলপ বেছি’ বুলি অভিহিত কৰিছে।

এই ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰিছে ফাছি জাকা নামৰ এজন ইউজাৰে। এই ভিডিঅ’টো দুই লাখ লোকে চোৱাৰ বিপৰীতে ২৭ হাজাৰ লোকে লাইক কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে কইনাজনীয়ে চেণ্ডেলিয়াৰত উঠি দেউতাকৰ সৈতে বিবাহ হললৈ আহি আছে। ইয়াৰ মাজতে হলত উপস্থিত থকা লোকসকলে কইনাৰ ফটোখন ক্লিক কৰি আছে।

ভিডিঅ’টো শ্বেয়াৰ কৰি ফাচি জাকাই লিখিছে, “প্লিজ এইটো এটা বস্তু হ’বলৈ নিদিব”। কমেণ্টত বহু ইউজাৰে ভালকৈ কোৱাৰ বিপৰীতে বহুতে কইনাক ট্ৰ’ল কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “তাৰ অৰ্থ হ’ল যি হৈ আছে… আনকি ইমান স্বকীয়তাও ভাল নহয়।”

ইয়াৰ উপৰিও পাকিস্তানৰ আজলান শ্বাহ নামৰ এজন ইউটিউবাৰে বিয়াৰ পিছত কইনাক এটা গাধ উপহাৰ দিছে। পত্নীক গাধ উপহাৰ দিয়া দৰাটোৱে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। ইউটিউবাৰৰ মতে, তেওঁ জীৱ-জন্তুক অতিশয় ভাল পায়, সেয়েহে তেওঁৰ ৰিচেপচনত তেওঁ পত্নীক এটা গাধ উপহাৰ দিয়ে।

Leave A Reply