Breaking

গুৱাহাটী মহানগৰ জিলাৰ আৰক্ষীলৈ বিহুৰ শুভেচ্ছা জনালে বিশ্ব হিন্দু পৰিষদ মহানগৰ জিলাই

0 74

গোসাঁই বিহুৰ পবিত্ৰ দিনটোতে গুৱাহাটী মহানগৰ জিলা বিশ্ব হিন্দু পৰিষদৰ তৰফৰ পৰা গুৱাহাটী মহানগৰ জিলাৰ বিভিন্ন আৰক্ষী থানাত কৰ্মৰত হৈ থকা আৰক্ষী বিষয়া কৰ্মচাৰীসকলক বিহুৱানেৰে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।

গুৱাহাটী মহানগৰ জিলা বিশ্ব হিন্দু পৰিষদৰ সম্পাদক চন্দন ৰাভা, উপ সভাপতি বিনয় ঠাকুৰীয়া , শেখৰ চক্ৰবৰ্তী , ধৰ্মাচার্য্য প্রমুখ শৈলধৰ কলি়তা, সহ সম্পাদক সুশীল শৰ্মা, নাৰেংগী প্ৰখণ্ডৰ সম্পাদক উপকুল দাস আৰু লালগনেশ প্রখণ্ডৰ সম্পাদক দেবাশীষ ভট্টাচার্য প্ৰমুখ্যে অন্যান্য বিষয়া সকলে গুৱাহাটী মহানগৰৰ প্ৰতিখন থানাতে উপস্থিত হৈ বিহুৱানেৰে বিহুৰ উষ্ম ওলগ জনায়।

প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতো পৰিয়ালৰ পৰা দূৰৈত থাকি আৰক্ষী বিষয়া, জোৱানসকলে গুৱাহাটী মহানগৰ জিলাত দায়িত্ব পালন কৰি সমাজত শান্তি শৃংখলা সুচাৰুৰূপে ৰক্ষা কৰি ৰাইজক আনন্দ-উৎসৱৰ মাজত ৰঙালীৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ, জীৱন সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰি আহিছে।

আজি বিশ্ব হিন্দু পৰিষদে বিহুৱানেৰে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাত আৰক্ষী বিষয়া আৰু কৰ্মচাৰীসকলে উৎফুল্লিত হোৱা লগতে সন্তোষ প্ৰকাশ কৰিছে।

Leave A Reply