Breaking

নগৰবেৰা আলোপতি-মাজৰচৰ সংযোগী জলপথত বিপদসংকুল আহ যাহ

0 2,031

দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ আৰু চেঙা সমষ্টিৰ দক্ষিণ পাৰৰ চৰাঞ্চলত লক্ষাধিক লোকৰ নগৰবেৰা আলোপতি-মাজৰচৰ সংযোগী জলপথত সম্প্ৰতি এক ভয়াবহ যাতায়ত অব্যাহত আছে। স্বাধীনতাৰ সাত দশকৰ পিছতো মৰণক শৰণ দি নিতৌ পাৰাপাৰ হয় চৰাঞ্চলৰ সহস্ৰজনে। কিছু দিনৰ আগলৈ চৰাঞ্চলৰ একাংশ যুৱকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি বাঁহৰ সাঁকো সাজি ধনৰ বিনিময়ত নৈৰ খন পাৰাপাৰ হৈছিল যদিও ধলৰ পানীয়ে সাকোঁখন উঠুৱাই নিয়াত যাতায়তলৈ বিপৰ্যয় নামিছে। কোনোবাই যদি খোজকাঢ়ি, আন কোনোবাই কাপোৰ তিয়াই খুপি খুপি আঁঠু জোখৰ পানী পাৰ হয়। ইয়াৰ উপৰিওঁ একাংশ বাইক আৰোহীয়ে আকৌ মৰসাহ কৰি নৈ পাৰ হয় বাইকত উঠিয়েই। পদে-পদে বিপদৰ হাতবাউল। আনহাতে পানী কম হোৱা বাবেই উক্ত স্থানত নাও চলাচলতো যথেষ্ট অসুবিধা। বেহা বেপাৰকে আদি কৰি বিভিন্ন কামৰ বাবে বাঘবৰ আৰু চেঙা সমষ্টিৰ দক্ষিণ পাৰৰ ৰাইজ গ্ৰাম্য কামৰূপৰ মফচলীয় চহৰ নগৰবেৰালৈ এদিন আহযাহ নকৰিলেই পৰিয়ালত হাহাকাৰ লাগে। পিছে আদবাটতে জলজলী নদীৰ এই বিপদসংকুল স্থানত থমকিবলগীয়া হয় চৰাঞ্চলৰ পথিক। উপায়বিহীন হৈ উক্ত জলপথত নিতৌ ৰাইজে দুঃসাহসিক, পুতৌজনক যাতায়ত অব্যাহত ৰাখিবলগীয়া হোৱাটো সচাকৈ এক ভাবিবলগীয়া বিষয়। সমষ্টিটোৰ বিধায়ক শ্বেৰমান আলী আহমেদে নিৰ্বাচন আহিলেই উক্ত স্থানত পকী দলং নিৰ্মাণৰ ললীপপ দেখুৱাই আহিলেও তেওঁৰ দহ বছৰীয়া শাসন কালত উক্ত স্থানত এখন পকী দলং কৰিব নোৱাৰিলে। এইবাৰ আকৌ আশ্বাস আৰু প্ৰতিশ্ৰুতি দি তৃতীয় বাৰৰ বাবে বিধায়ক হল। দেখিলেই গাৰ নোম শিঁয়ৰি উঠা বিপদসংকুল যাতায়ত সুচল কৰাৰ বাবে সমষ্টি দ্বয়ৰ নৱ নিৰ্বাচিত বিধায়ক দ্বয়লৈ আৰু নতুন চৰকাৰলৈ চৰাঞ্চলৰ ৰাইজে নগৰবেৰা আলোপতি-মাজৰচৰ সংযোগী জলপথত এখন স্থায়ী পকী দলং নিৰ্মাণৰ বাবে কাতৰ আহ্বান জনাইছে।

Leave A Reply