Breaking

সপ্তাহযোৰা ভাগৱত পাঠ অনুষ্ঠানৰ লাইখুটা স্থাপন গহপুৰস্থিত গমিৰিৰ তেলৰচুঙা বড়ি খেলপথাৰত

0 56

বিশ্বৰ বিভিন্ন প্ৰান্তে প্ৰান্তে হিংসা আৰু অশান্তই ভয়াবহতাৰ সৃষ্টি কৰাৰ সময়তেই বিশ্ব শান্তিৰ কামনাৰে আৰু নৱ পজন্মক সু-পথে অনাৰ উদ্দেশ্যে বিশ্বনাথ জিলাৰ গহপুৰ সমষ্টিৰ অন্তৰ্গত গমিৰিস্থিত তেলৰ চুঙা বড়ি খেলপথাৰত আয়োজন কৰিবলৈ লোৱা হৈছে সপ্তাহ যোৰা ভাগৱত পাঠ।বিগত বৰ্ষৰ দৰে পুনৰ সন্মিলিত ভাগৱত উদযাপন সমিতিৰ উদ্যোগত বৃহত্তৰ গমিৰিবাসী ৰাইজৰ উপস্থিতিত বিশ্ব শান্তিৰ বাবে, নৱ প্ৰজন্মক শান্তিৰ পথত উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে আয়োজন কৰা সপ্তাহ যোৰা ভাগৱত পাঠ অনুষ্ঠানটোৰ প্ৰয়াত প্ৰভাত চন্দ্ৰ শইকীয়া সমন্বয় ক্ষেত্ৰৰ লাইখুটা স্থাপন কৰা হয়।


আগন্তুক ২১-০১-২০২৩ তাৰিখৰ পৰা ২৮-০১-২০২৩ তাৰিখলৈকে লৈ সপ্তাহ যোৰা কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যা হ’ব অসমীয়া,নেপালী, বেঙ্গলী আৰু হিন্দী ভাষাত। ভাগৱত পাঠ আৰু ব্যাখ্যা কৰিব সুদীৰ্ঘ দিন ধৰি সুদূৰ বৃন্দাবনত ভাগৱতৰ চৰ্চাত অটল থকা আচাৰ্য্য শান্তিৰাম অধিকাৰীয়ে।উক্ত অনুষ্ঠানটোৰ সাফল্যমণ্ডিত কৰিবলৈ সন্মিলিত ভাগৱত উদযাপন সমিতিয়ে ভক্তবিন্দ, সমুহ ৰাইজ তথা শুভাকাংক্ষীৰ পৰা সহায় সহযোগিতা আৰু উপস্থিতিতি কামনা কৰিছে।

Leave A Reply