Breaking

আজিৰে পৰা খোল খালে দিকৰাই সপ্তাহিক বজাৰ

0 2,021

ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বহুদিন ধৰি বন্দ্ধ হৈ থকা শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ অন্তৰ্গত দ্বিতীয় সৰ্ববৃহৎ দিকৰাই সপ্তাহিক বজাৰ আজিৰে পৰা খোল খালে। বজাৰখন খোল খোৱাৰ বাবে স্থানীয় সৰু সৰু বেপাৰী তথা দোকানীসকলৰ মূখত হাঁ‌হি দেখা পোৱা গৈছে। অকল ইটাখোলাৰেই নহয় জিলাখনৰ বিভিন্ন প্ৰান্তৰ বেপাৰী তথা দোকানদাৰ ও গ্ৰাহক ৰাইজ বজাৰখনত উপস্থিত হৈ বেচা-কিনা কৰিবলৈ আহে। গতিকে বহুদিনৰ মূৰত বজাৰখন খোলাত বজাৰখনৰ মহলদাৰকে ধৰি সকলোৱে উৎফুল্লিত হৈ পৰা দেখা যায়। উল্লেখ্য যে এই বজাৰখনৰ ওপৰত নিৰ্ভৰ কৰি স্থানীয় বহুতো ক্ষুদ্ৰ ব্যৱসায়ীয়ে বজাৰখনত বেচা-কিনা কৰি সপ্তাহটোৰ বাবে নিজ নিজ পৰিয়ালৰ পোহ-পাল দি আছে। বিগত ছমাহ ধৰি ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বজাৰখন বন্দ্ধ হৈ আছিল।যাৰ ফলত এই ক্ষুদ্ৰ ব্যৱসায়ীসকলে নিজ নিজ পৰিয়াল পোহ-পাল দিয়াত বহু অসুবিধাৰ সন্মূখীন হবলগাত পৰিছিল । কিন্তু আজিৰে পৰা বজাৰখন খোল খোৱাত ৰাতিপুৱাৰে পৰা স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীসকল তথা জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বেপাৰীসকলও গ্ৰাহক ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে।

Leave A Reply