Breaking

জামুগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ নবাগত আদৰণি সভা সম্পন্ন। নদুৱাৰ ভিত্তিত আন্ত: বিদ্যালয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত প্ৰাচীৰ পত্ৰিকা উন্মোচন

0 1,822

জামুগুৰিহাটৰ বৌদ্ধিক ক্ষেত্ৰৰ এক অন্যতম শিক্ষানুষ্ঠান জামুগুৰি ছিনিয়ৰ চেকেণ্ডেৰী বিদ্যালয়ৰ নবাগত আদৰণি সভাখন যোৱা ১৭ তাৰিখে অনুষ্ঠিত হয়। ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশিত এটি ঘোষাৰে শুভাৰম্ভ হোৱা নবাগত আদৰণি সভাখনত সভাপতিত্ব কৰে জামুগুৰি ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ গোলাপ কলিতাই। বিদ্যালয়ৰ সভা গৃহত অনুষ্ঠিত উক্ত নবাগত আদৰণি সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক তথা বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ আৰু সন্মানীয় অতিথি হিচাপে আসন গ্ৰহণ কৰে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড.অজিত হাজৰিকাই । ইয়াৰোপৰি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ অনুপস্থিতিত তেখেতৰ দ্বাৰা প্ৰেৰিত শুভেচ্ছা বাণী সভাত পাঠ কৰা হয়।

উপস্থিত দুয়ো গৰাকী শিক্ষাবিদে শিক্ষাৰ ওপৰত গুৰুত্বপূৰ্ণ,আৰু মননশীল বক্তব্যৰে ছাত্ৰ ছাত্ৰীৰে মত বিনিময় কৰে। বিদ্যালয়ৰ শিক্ষক তথা যুৱ সমাজকৰ্মী মিংকু কলিতাই আঁতধৰা উক্ত নবাগত আদৰণি সভাতে মিংকু কলিতা আৰু জয়শ্ৰী ডেকাৰ তত্বাৱধানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সম্পাদিত ৰেঙনী´ আৰুজাগৰণ´ শীৰ্ষক দুখন কৈ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। উন্মোচন কৰে ক্ৰমে পাছিঘাট চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ধৰ্মেশ্বৰ হাজৰিকা আৰু ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক বিপুল বৰাই। উল্লেখ্য যে ২০১৪ চনতে স্থাপিত বিদ্যালয়খনে প্ৰতি বৰ্ষতে আদৰণি সভাৰ লগত সংগতি ৰাখি ১৬ আগষ্ট তাৰিখে অনুষ্ঠিত কৰি অহা `অঞ্জলি – মিনতি – পুষ্পকান্তি সোঁৱৰণী আন্ত: বিদ্যালয় কুইজ প্ৰতিযোগিতাখন এইবেলিও অনুষ্ঠিত হয়॥ বিষয় শিক্ষক দুলমণি নাথৰ তত্বাৱধানত নদুৱাৰ অঞ্চলৰ বিদ্যালয়সমূহৰ পৰা অহা মুঠ ২২ টা দলৰ মাজত অনুষ্ঠিত প্ৰতিয়োগিতাখনত স্থান লাভ কৰে ক্ৰমে প্ৰথম জামুগুৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, দ্বিতীয় জ্ঞানজ্যোতি জুনিয়ৰ কলেজ আৰু তৃতীয় চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ॥ প্ৰথম স্থান প্ৰাপ্ত দলটিলৈ অঞ্জলী কলিতা সোঁৱৰণীত ৩৩০০ টকা, দ্বিতীয় দলটিলৈ মিনতী কলিতা সোঁৱৰণীত ২৭০০ টকা আৰু তৃতীয় স্থান প্ৰাপ্ত দলটিলৈ পুষ্পকান্তি দেৱীৰ সোঁৱৰণীত ২১০০ টকা আগবঢোৱা হয়॥

আনহাতে এইবৰ্ষত বিদ্যালয়খনৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰা নিয়ৰমণি নাথ, দ্বিতীয় স্থান পোৱা বিতু ধৰলৈ পৰিচালনা সমিতিৰ সভাপতি সুৰেন কলিতাই ৩০০০ আৰু ২০০০ টকাৰে পুৰস্কৃত কৰাৰ লগতে বিদ্যালয়খনৰ অধ্যক্ষ গোলাপ কলিতাই ইংৰাজী বিষয়ত সৰ্বোচ্চ নম্বৰ পোৱা ৰিতুবিকাশ ডেকালৈ ৩০০০ টকা আৰু দ্বিতীয় স্থান পোৱা ৰোহন শৰ্মাক ২০০০ টকাৰে অভিনন্দন জনায়॥ স্কুলখনৰ বিষয় শিক্ষয়িত্ৰী পংখী ভূঞাৰ তত্বাৱধানত বিশিষ্ট শিল্পী পূৰ্ণ নাথৰ পৰিচালনাত ছাত্ৰ-ছাত্ৰীসকলৰ গীত নৃত্যকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত নবাগত আদৰণি সভাখনত জামুগুৰিহাটৰ বহু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ উপৰিও ছাত্ৰ-ছাত্ৰী, অভিভাৱককে ধৰি বহু সংখ্যক ৰাইজ উপস্থিত থাকে। অনুষ্ঠানটিৰ সফল ৰূপায়নত সহযোগিতা আগবঢোৱা সকলোৰে পৰিচালনা সমিতিৰ সম্পাদক চন্দমোহন নাথে শলাগ লয়।

Leave A Reply