Breaking

লাইফ ইন্‌ এ পাপেটৰ পৰিচালক ৰাজেন দাসৰ প্ৰচেষ্টাত অসমৰ পুতলা নাচৰ বিশ্বমুখী যাত্ৰা

0 2,101

 শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উলাহৰ মাজতে ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ৷অহা ২২ অক্টোবৰত স্বডূমিত অৰ্থাৎ অসমৰ ছবিগৃহত মুক্তিলাভ কৰিব ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাদৃত তথা ৰাজেন দাস পৰিচালিত বহু প্ৰতিক্ষিত অসমীয়া চলচ্চিত্ৰ “লাইফ ইন্‌ এ পাপেট”৷যোৱা দুবছৰে কাৰ্যতঃ বন্ধ হৈ থকা অসমীয়া ছৱিগৃহসমুহত লকডাউনৰ পিছত আহিবলগীয়া প্ৰথমখন অসমীয়া চলচ্চিত্ৰ হব “লাইফ ইন্‌ এ পাপেট” ৷উল্লেখ্য যে অসম সন্তান ৰাজেন দাসে অসমৰ বিলুপ্তিৰ গৰাহত পৰা প্ৰাচীন লোকশিল্প পুতলা নাচক পুনৰ উজ্বীৱিত কৰাৰ প্ৰয়াসেৰে এই বিষয়বস্তুক লৈ নিৰ্মাণ কৰি উলিয়াইছিল “লাইফ ইন্‌ এ পাপেট”৷২০২০ চনৰ ২৮ ডিচেম্বৰত কেন্দ্ৰীয় ফিল্ম বোৰ্ডৰ পৰা চেন্সৰ প্ৰমাণপত্ৰ লাভ কৰাৰ পিছত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ “লাইফ ইন্‌ এ পাপেট”ৰ আৰম্ভ হৈছিল বিশ্বমুখী যাত্ৰা ৷অসমৰ জাতীয় আবেগ আৰু স্বাভিমানস্বৰূপ পুতলা নাচ “লাইফ ইন্‌ এ পাপেট” শীৰ্ষক চলচ্চিত্ৰখনৰ মাধ্যমত বিগত নমাহ জুৰি প্ৰচাৰিত হ’ল বিশ্বৰ কেবাখনো দেশৰ চলচ্চিত্ৰ মহোৎসৱত ৷ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰক্ষাপটত চলচ্চিত্ৰখনে কেবাখনো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মনোনেীত হোৱাৰ লগতে শ্ৰেষ্ঠ চলচ্চিত্ৰ,শ্ৰেষ্ঠ পৰিচালক,শ্ৰেষ্ঠ অভিনেত্ৰী,শ্ৰেষ্ঠ সংগীত শিল্পী আদি শিতানত পুৰস্কৃত হৈ অসমলৈ গৌৰব কঢ়িয়াই আনিছিল ৷শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ সংস্হা UNESCO নতুন দিল্লীৰ উদ্যোগত অনুষ্ঠিত Culture Cinema শীৰ্ষক মহোৎসৱলৈ ছবিখন মনোনীত হৈ বিশ্বজুৰী প্ৰদৰ্শিত হৈছিল য’ত উজলি উঠিছিল অসমৰ পুতলা নাচ৷ চলচ্চিত্ৰখনৰ এই বিশ্বমুখী যাত্ৰা অব্যাহত থকাৰ সময়তে অহা ২২ অক্টোবৰত স্বভূমি ঝসমত মুক্তিলাভ কৰিব “লাইফ ইন্‌ এ পাপেট”৷লকডাউনৰ পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে ইতিমধ্যেই SOP জাৰী কৰি বন্ধ হৈ থকা চলচ্চিত্ৰ গৃহ সমুহক ক’ভিড প্ৰটকল মানি চলি তলা খুলিবলৈ অনুমতি প্ৰদান কৰিছে৷ৰাজ্যৰ লাখ লাখ চলচ্চিত্ৰপ্ৰেমী দৰ্শকক এই খবৰে উৎসাহিত কৰি তোলাৰ সময়তে পৰিচালক ৰাজেন দাসে অসমত “লাইফ ইন্‌ এ পাপেট”ৰ শুভমুক্তিৰ দিন ঘোষণা কৰি ক’ৰনাকালে বিধ্বস্ত কৰা অসমৰ চলচ্চিত্ৰ উদ্যোগটোলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে৷উল্লেখ্য যে অসমৰ বহুকেইটা চলচ্চিত্ৰগৃহত ইতিমধ্যেই চলচ্চিত্ৰৰ নিয়মীয়া প্ৰদৰ্শন আৰম্ভ হোৱাৰ সমান্তৰালভাৱে কেবাটাও চলচ্চিত্ৰগৃহৰ দুৱাৰ এতিয়াও মুকলি হোৱা নাই ৷তাৰ মাজতেই ৰাজ্যবাসীৰ উৎকণ্ঠাৰ অন্ত পেলাই চলচ্চিত্ৰপ্ৰেমীয়ে আশাৰে বাট চাই থকা চলচ্চিত্ৰ “লাইফ ইন্‌ এ পাপেট” ছবিগৃহলৈ আহিব ২২ অক্টোবৰত ৷সেই উপলক্ষত উক্তদিনা দিনৰ ১১ বজাত গুৱাহাটী বেলতলা তিনিআালিস্হত মেট্ৰিক্স চিনেমাচ্‌ নামৰ মাল্টিপ্লেক্সত অনুষ্ঠিত হ’ব “লাইফ ইন্‌  পাপেট”ৰ গ্ৰেণ্ড প্ৰিমিয়াৰ ৷লকডাউনৰ পৰৱৰ্তী সময়ত আহিবলগীয়া এই প্ৰথমখন চলচ্চিত্ৰক লৈ ইতিমধ্যেই বৃদ্ধি পাইছে চলচ্চিত্ৰপ্ৰেমী দৰ্শকৰ উৎকণ্ঠা৷গুৱাহাটীৰ মাল্টিপ্লেক্স চলচ্চিত্ৰ গৃহ সমুহৰ লগতে অসমৰ কেবাটাও ছবিগৃহত ছবিখন মুক্তিদিয়াৰ বাবে যোজা চলিছে ৷এই সন্দৰ্ভত পৰিচালক  ৰাজেন দাসক বজালী, ভালুকীৰ বাসগৃহত সাংবাদিকে সাক্ষাং কৰাৰ সময়ত পৰিচালক গৰাকীয়ে অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ আৰু শুভকামনা বিচাৰে আৰু বিগত সময়ত আগবঢ়োৱা সহযোগৰ বাবে সংবাদ মাধ্যম আৰু ৰাইজক ধম্যবাদ জ্যাপন কৰে ৷পৰিচালক ৰাজেন দাসে সাংবাদিকক কয় -“অসমৰ আবেগ পুতলা নাচৰ ওপৰত নিৰ্মাণ কৰা ছবিখন চাবলৈ বিগত সময়ত ৰাইজে যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছিল৷সেয়েহে অহা ২২ অক্টোবৰত ৰাইজৰ বাবে চলচ্চিত্ৰখন মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷আমি আশাবাদী যে দৰ্শক ছবিগৃহলৈ আহিব আৰু অসমৰ স্বাভিমান জড়িত “লাইফ ইন্‌ এ পাপেট”ক অভূতপূৰ্ব মৰম দিব”৷পৰিচালক গৰাকীয়ে জনায় – ” ইউ এফ অ’’ৰ অধীনৰ মুম্বাই স্ক্ৰেবেল ডিজিটেল লিমিটেডৰ লগত ইতিমধ্যই আমি চুক্তিবদ্ধ হৈছো যিয়ে ছবিখন অসমৰ ছবিগৃহত প্ৰদৰ্শনৰ দায়িত্বলাভ কৰিছে৷২২ অক্টোবৰত একেলগেই অসমৰ ছবিগৃহত “লাইফ ইন এ পাপেটক” মুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে৷”আনহাতে যিসমুহ স্হানত চলচ্চিত্ৰগৃহ নাই তাৰ ৰাইজে কেনেদৰে ছবিখন উপভোগ কৰিব?এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয় – “আমি সেইসমুহ স্হানত বিকল্প ব্যৱস্থাৰে স্হায়ী আৰু উন্নত প্ৰেক্ষাগৃহত ৰাইজক ছবিখন দেখুৱাৰ পৰিকল্পনা কৰিছো৷ ১ নৱেম্বৰৰ পৰা এই অভিযান আৰম্ভ হব ৷”নিজৰ নিজৰ অঞ্চলত চলচ্চিত্ৰখন প্ৰদৰ্শন কৰিবলৈ আগ্ৰহী ব্যক্তিসকলক ৬০০০৫৮২৯৯৩ নম্বৰত যোগাযোগ কৰিবলৈ পৰিচালক গৰাকীয়ে অনুৰোধ জনাইছে৷ইতিমধ্যেই “লাইফ ইন এ পাপেট”ক লৈ অসমৰ চলচ্চিত্ৰ সমাজৰ মাজতো উৎসাহ পৰিলক্ষিত হৈছে৷বিশিষ্ট পৰিচালক ,অভিনেতা যতীন বৰাকে প্ৰমুখ্য কৰি বহুকেইগৰাকী নবীন প্ৰবীন শিল্পীয়ে পৰিচালক  ৰাজেন দাসৰ লগতে সমগ্ৰ টীমটোক শুভেচ্ছা জ্ঞাপন কৰিছে ৷

Leave A Reply