Breaking

দ্বিতীয় বিশ্বযুদ্ধত ৮৬৪ জন সৈনিক লৈ ডুব যোৱা জাহাজখন ৮৪ বছৰৰ পিছত উদ্ধাৰ

0 112

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৮৬৪ জন অষ্ট্ৰেলিয়ান সৈন্যক লৈ এখন জাপানী জাহাজ সাগৰত ডুব গৈছিল। তাৰ পিছত বহু বছৰ পাৰ হৈ গ’ল, এই আটাইকেইটা বছৰত সেই জাহাজৰ কোনো লেখ-জোখ পোৱা নগ’ল৷ শেহতীয়াকৈ দক্ষিণ চীন সাগৰৰ লুজন দ্বীপৰ উত্তৰ-পশ্চিম অংশত বিজ্ঞানীৰ এটা দলে জাহাজখন উদ্ধাৰ কৰে। এই কথা দাবী কৰা হৈছে সংবাদ মাধ্যমৰ “স্বাধীন” প্ৰতিবেদনত।

অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছে শনিবাৰে ঘোষণা কৰে যে এছ এছ মণ্টেভিডিঅ’ মাৰু নামৰ জাহাজখন গভীৰ সাগৰত উদ্ধাৰ হৈছে। ১৯৪২ চনত ফিলিপাইনছৰ ওচৰৰ সাগৰত ডুব গৈছিল জাহাজখন। গৱেষকসকলে অনুমান কৰিছিল যে যুদ্ধবন্দীসকলক সেই জাহাজখনলৈ লৈ যোৱা হৈছে।

এই জাহাজখনক অষ্ট্ৰেলিয়াৰ ইতিহাসৰ ‘আটাইতকৈ ভয়াৱহ দুৰ্যোগ’ বুলি বিবেচিত হৈছে। পাপুয়া নিউ গিনিৰ পৰা চীনৰ হাইনান প্ৰদেশলৈ যুদ্ধবন্দী কঢ়িয়াই নিয়াৰ সময়ত আমেৰিকাৰ নৌসেনাৰ যুদ্ধ জাহাজখনে টৰ্পিডোৰে আঘাত কৰা জাহাজখন ৮৬৪ জন লোকৰ সৈতে ডুব যায়। তেতিয়াৰ পৰা জাহাজখনৰ সন্ধান পোৱা নাই।

অষ্ট্ৰেলিয়া চৰকাৰী সূত্ৰ অনুসৰি গৱেষকসকলে এই জাহাজখন সাগৰৰ পৰা ১৩ হাজাৰ ৩২৩ ফুট তলত উদ্ধাৰ কৰে। কিন্তু এই জাহাজ ধ্বংসস্তূপত ৮৬৪ জন নহয়, ১০০০ৰো অধিক লোকৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে।

Leave A Reply