Breaking

ব্ৰিটেইনত আৰম্ভ হ’ল বিশ্বৰ প্ৰথমটো লেলাৱতি গৰ্ভাৱস্থা পৰীক্ষা

0 80

কেৱল লেলাৱতিৰ পৰাই মহিলাসকলে গৰ্ভৱতী হৈছে নে নাই ক’ব পৰা এটা বৈপ্লৱিক সামগ্ৰীয়ে ব্ৰিটেইনৰ শ্বেলফত চৰ্চা লাভ কৰিছে। জানিব পৰা মতে, চেলিষ্টিক হৈছে বিশ্বৰ প্ৰথমটো প্ৰডাক্ট যিয়ে কেৱল ‘স্পিট টেষ্ট’ৰ দ্বাৰা গৰ্ভাৱস্থা নিৰ্ণয় কৰিব পাৰে।

ই মহিলাসকলক পৰম্পৰাগত প্ৰস্ৰাৱ ভিত্তিক গৰ্ভাৱস্থাৰ পৰীক্ষাৰ বিকল্প প্ৰদান কৰিব আৰু ব্ৰিটেইন আৰু আয়াৰলেণ্ডত উপলব্ধ। জেৰুজালেমৰ ষ্টাৰ্টআপ চেলিগনষ্টিকছে এই পৰীক্ষা কিটটো প্ৰস্তুত কৰিছে। কোভিড টেষ্টিং কিট তৈয়াৰ কৰিবলৈ ব্যৱহৃত প্ৰযুক্তিৰ আধাৰত এই কাম কৰা হৈছে বুলি কোম্পানীটোৱে জানিবলৈ দিয়ে।


অনন্য প্ৰডাক্টটোৱে যিকোনো ঠাইতে, যিকোনো সময়তে পৰীক্ষা কৰাৰ ক্ষমতা প্ৰদান কৰে আৰু অধিক লোকে পৰীক্ষাৰ অভিজ্ঞতাৰ অংশ হ’ব পাৰে।

পৰীক্ষাটোৱে কাম কৰিবলৈ হ’লে এগৰাকী মহিলাই কিটৰ পৰা ফেনযুক্ত লাঠি এটা থাৰ্মোমিটাৰৰ দৰে কেইমুহূৰ্তমানৰ বাবে মুখত ৰাখিব লাগিব। ইয়াৰ দ্বাৰা লেলাৱতিৰ নমুনা সংগ্ৰহ হয়।

ইয়াৰ পিছত তাই ইয়াক প্লাষ্টিকৰ নলীলৈ স্থানান্তৰিত কৰিব, য’ত জৈৱৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় বুলি মেট্ৰ’ৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

গৰ্ভাৱস্থাৰ বাবে নিৰ্দিষ্ট হৰম’ন hCG ধৰা পেলোৱা প্ৰযুক্তিৰ ভিত্তিত এই পৰীক্ষা কৰা হৈছে যিয়ে জৰায়ুক ভ্ৰূণৰ বিকাশৰ বাবে প্ৰস্তুত কৰাত সহায় কৰে। ইয়াৰ সৃষ্টিকৰ্তাসকলে দাবী কৰে যে চেলিষ্টিকে গৰ্ভাৱস্থাৰ আৰম্ভণিতে অতি সঠিকভাৱে ধৰা পেলোৱাৰ ব্যৱস্থা কৰে।

কোম্পানীটোৱে জনোৱা মতে, পাঁচৰ পৰা ১৫ মিনিটৰ ভিতৰত ফলাফল পঢ়িব পৰা যাব, আৰম্ভণিৰ ইংগিত তিনি মিনিটৰ ভিতৰতে দেখা দিয়ে।

টাইমছ অৱ ইজৰাইলৰ এটা পুৰণি প্ৰতিবেদন অনুসৰি যোৱা বছৰেই ইউৰোপীয় সংঘত বজাৰত বিক্ৰী হ’বলগীয়া চেলিষ্টিকৰ প্ৰমাণপত্ৰ লাভ কৰিলে চেলিগনষ্টিকছে।


ইয়াৰ উপৰিও আমেৰিকাত এই সামগ্ৰী বিক্ৰী কৰিবলৈ এফ ডি এৰ অনুমোদনৰ বাবে আবেদন কৰিছে।

ইজৰাইলত ৩০০ৰো অধিক মহিলাৰ ওপৰত ক্লিনিকেল ট্ৰায়েল চলোৱাৰ পিছত চেলিগনষ্টিকছে এই প্ৰডাক্টটো মুকলি কৰে – গৰ্ভৱতী আৰু অগৰ্ভৱতী উভয়ৰে বাবে।

Leave A Reply