Breaking

বিশ্বৰ সবাতোকৈ বৃহত্তম ভৰিৰ পতাৰ অধিকাৰী মহিলা তানিয়া হাৰবাৰ্টে…

0 64

কোনো এখন বিপণীলৈ জোতা-ছেণ্ডেল কিনিবলৈ গ’লে সদায়ে হতাশ হ’ব লগা হয় বিশ্বৰ সবাতোকৈ বৃহত্তম ভৰিৰ পতাৰ অধিকাৰী মহিলা তানিয়া হাৰবাৰ্টে। আমেৰিকাৰ টেক্সাছৰ নিবাসী তানিয়াই সামাজিক মাধ্যমৰ জৰিয়তে তেওঁৰ এই বিড়ম্বনাৰ কথা প্ৰকাশ কৰিছে ।

প্ৰকাশিত বাতৰি অনুসৰি জীৱিত মহিলাৰ ভিতৰত তানিয়াৰ ভৰিৰ পতাই সবাতোকৈ বৃহদাকাৰৰ। তানিয়াৰ সোঁভৰিৰ দৈৰ্ঘ্য ১৩,০৩ ইঞ্চি আৰু বাওঁ ভৰিৰ দৈৰ্ঘ্য হৈছে ১২.৭৯ ইঞ্চি। তানিয়াই ১৮ আকাৰৰ অৰ্থাৎ নম্বৰৰ জোতা-ছেণ্ডেল পৰিধান কৰে। পুৰুষৰ ভৰিৰ মাপ অনুসৰি তানিয়াই ১৫ বা ১৭ মাপৰ জোতা পৰিধান কৰে।

সাধাৰণ জোতাৰ বিপণীত এনে নম্বৰৰ জোতা বিক্ৰী কৰা নহয়, কিয়নো গ্ৰাহকৰ সংখ্যা নাই বুলিয়ে ক’ব পাৰি। সামাজিক মাধ্যমত  তানিয়াই প্ৰকাশ কৰা অনুসৰি, বহুবাৰ তেওঁ জোতা কিনিবলৈ গৈ বিড়ম্বনাৰ সন্মুখীন হৈছিল।

সেয়েহে এতিয়া তানিয়াই জোতা বিচাৰি দোকানলৈ যাবলৈ বাদ দিছে। এতিয়া তেওঁ অৰ্ডাৰ দি নিজৰ বাবে জোতা ক্রয় কৰে। পাদুকাশিল্পীৰ জৰিয়তে তৈয়াৰ কৰাই তানিয়াই জোতা-ছেণ্ডেল সংগ্রহ কৰে। তানিয়াৰ উচ্চতাও ছয় ফুট ন ইঞ্চি। এই অত্যধিক উচ্চতাৰ ফলত তেওঁৰ ভৰিত যথেষ্ট হেঁচা অনুভৱ কৰে।

সেয়েহে তেওঁ ভৰিত বিশেষ যতন ল’ব লগা হয়। তানিয়াৰ পিতৃ-মাতৃও যথেষ্ট ওখ চেহেৰাৰ আছিল। পিতৃৰ উচ্চতা আছিল ছয় ফুট চাৰি ইঞ্চি আৰু মাতৃৰ উচ্চতা হ’ল ছয় ফুট পাঁচ ইঞ্চি। বংশগতভাৱেই তানিয়া ওখ চেহেৰাৰ অধিকাৰী। প্রকাণ্ড আকাৰৰ ভৰিৰ পতাই তেওঁক বিশ্বখ্যাত কৰিলেও এই ভৰি দুখনক লৈ তানিয়াই যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে।

অৱশ্যে সমস্যা হ’লেও নিজকে সুখী বুলি দাবী কৰিলে টেক্সাছ নিবাসী এই মার্কিন যুৱতীয়ে ৷

Leave A Reply