Breaking

জামুগুৰিহাটত চুৰিকাণ্ড সংঘটিত : সোণৰ আ-অলংকাৰসহ প্ৰায় ২ লক্ষাধিক টকাৰ সা-সম্প্ৰতি চুৰি

0 1,124

জামুগুৰিহাট, ১০ ডিচেম্বৰ : জামুগুৰিহাটৰ মূলকেন্দ্ৰস্থলৰ পৰিদৰ্শন বঙলাৰ কাষতেই থকা এটি বাসগৃহত ৮ ডিচেম্বৰৰ নিশা এক চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ দূৰ্বৃত্তই এই ঘটনা সংঘটিত কৰে ৷ জানিব পৰা মতে পৰিদৰ্শন বঙলাৰ কাষতেই থকা ৰঞ্জিত শইকীয়াৰ বাসগৃহত যোৱা মঙ্গলবাৰে নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ বাসগৃহৰ মূল প্ৰৱেশদ্বাৰৰ দৰ্জাৰ লক ভাঙি দূৰ্বৃত্তই ভিতৰত প্ৰৱেশ কৰে ৷ পৰৱৰ্তী সময়ত ভিতৰত থকা গদৰেজৰ লকাৰ ভাঙি কাপোৰ কানি তথা আচবাব লণ্ডভণ্ড কৰাৰ লগতে সোণৰ আ-অলংকাৰসহ প্ৰায় ২ লক্ষাধিক টকাৰ সা-সম্প্ৰতি চুৰি কৰাৰ লগতে লোক নিৰ্মান বিভাগত কৰ্মৰত বাসগৃহৰ গৰাকী ৰঞ্জিত শইকীয়াৰ বিভাগীয় প্ৰয়োজনীয় কিছুমান নথি পত্ৰও দূৰ্বৃত্তই লৈ উধাও হোৱা বুলিও জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ লগতে আৰক্ষীয়ে চুৰিকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে জামুগুৰি আৰক্ষী চকীৰপৰা মাত্ৰ এশ মিটাৰ দূৰত্বত অৱস্থিত বাসগৃহত নিশা দূৰ্বৃত্তই সংঘটিত কৰা এনে লুটপাতৰ ঘটনাই কাষৰীয়া বাসিন্দাসকলক ভীতিগ্ৰস্ত কৰি তুলিছে ৷ প্ৰণিধানযোগ্য যে পূৰ্ৱে জামুগুৰিহাটৰ মূল কেন্দ্ৰস্থলত নৈশ পহৰাৰ ব্যৱস্থা আছিল যদিও বৰ্তমান নৈশ পহৰাৰ ব্যৱস্থাতো বন্ধ হৈ পৰাত জামুগুৰি মূল কেন্দ্ৰস্থলৰ আশে পাশে থকা বাসগৃহত চোৰৰ দলে পশুধন চুৰি কৰাকে আদি কৰি বাসগৃহটো চুৰিকাণ্ড সংঘটিত কৰিবলৈ সুযোগ গ্ৰহণ কৰা বুলিও সচেতন মহলে মত ব্যক্ত কৰিছে ৷

Leave A Reply