Breaking

বৰপেটাৰ ভেল্লাৰ বনবৰীয়া এম ই মাদ্ৰাছাত চুৰি কাৰ্য।

0 528

বৰপেটাৰ ভেল্লাৰ বনবৰীয়া এম ই মাদ্ৰাছাত চুৰি কাৰ্য।
কালি নিশা সংঘটিত হয় এই চুৰিকাৰ্য।
চোৰে তলা ভাঙি নিলে কম্পিউটাৰৰ বেটাৰীসহ অন্যান্য সামগ্ৰী।
বৰপেটা সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল প্ৰধান শিক্ষকৰ।
কেইবামাহ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ এটি আঁচনিৰ অধীনত বিদ্যালয়খনে লাভ কৰিছিল ১৬ টা কম্পিউটাৰ।
কিন্তু কৰ্তৃপক্ষৰ পৰা অনুমতি নোপোৱা বাবে অব্যৱহৃত হৈ আছিল এই কম্পিউটাৰ সমুহ।
বিদ্যালয়ৰ এটি কোঠাত মজুত কৰি ৰাখিছিল এই কম্পিউটাৰসমূহ।
ইপিনে ক’ৰোনাৰ প্ৰভাৱৰ ফলত বিদ্যালয় বন্ধ থকাৰ সুযোগ গ্ৰহণ কৰিছে চোৰে।
কালি নিশা চোৰে তলা ভাঙি লুটিলে কম্পিউটাৰৰ ছয়টা মূল্যবান বেটাৰী সহ অন্যান্য সামগ্ৰী।
এই চুৰিকাৰ্যক গৰিহণা দিয়ে স্থানীয় ৰাইজে।
চুৰিচক্ৰক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায় ৰাইজে।

Leave A Reply