Breaking

ৰিণিকী ভূঞা শৰ্মাৰ উপস্থিতিত বৃহত্তৰ আজাৰা অঞ্চলত এক হাজাৰৰো অধিক মুছলমান লোকৰ বিজেপিত যোগদান

0 24

লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ আন বহু ৰাজ্যৰ দৰে অসমতো ইটো ৰাজনৈতিক দলৰ পৰা সিটো ৰাজনৈতিক দলত নেতা – কৰ্মীৰ যোগদানৰ যেন ধুম উঠিছে। এইক্ষেত্ৰত সকলোতকৈ আগত আছে বিজেপি দল। বিশেষকৈ ১৯ এপ্ৰিলত অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত হৈ যোৱা পাঁচখন আসনৰ পাঁচখনেই লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা , প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা , অগপৰ সভাপতি অতুল বৰাকে ধৰি মিত্ৰজোটৰ নেতা সকলে দাবী কৰি আহিছে।

তাৰ পাছতেই বাকী থকা আসন কেইখনো যাতে মিত্ৰজোটে লাভ কৰিব পাৰে তাৰ বাবে বিজেপি দলে ব্যাপক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আনকি নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ গঠন কৰিব বুলি কেবাটাও ৰাষ্ট্ৰীয় – আন্তঃৰাষ্ট্ৰীয় সমীক্ষাত প্ৰচাৰ হৈ থকাৰ মাজতে অান দলৰ পৰা বিজেপি দলত যোগদানৰ ধাৰা অব্যাহত আছে। এই ধাৰা অব্যাহত ৰাখি পূৰ্বৰ পশ্চিম গুৱাহাটী আৰু বৰ্তমানৰ জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ আজাৰা অঞ্চলৰ সংখ্যালঘু বসতি প্ৰধান ধাৰাপুৰ মজলী , বঙৰা ইছলামপুৰ, আজাৰাৰ লোৱাৰ মিৰ্জাপুৰ আৰু হাটখোৱাপাৰাৰ পুৰুষ – মহিলা নিৰ্বিশেষে কংগ্ৰেছ দলৰ নেতা ক্ৰমে – কাচিম আলী, দাদুল আলী, আবেদ আলী, ফাতেজা বেগমৰ নেতৃত্বত প্ৰায় এক হাজাৰৰো অধিক কৰ্মী – সমৰ্থকে আজি বিজেপি দলৰ নীতি – আদৰ্শত আস্থা ৰাখি দলটোত যোগদান কৰে।

এই উপলক্ষে আজাৰা হাটখোৱাপাৰাৰ ঈদগাহ ময়দানত বিজেপিৰ গুৱাহাটী বিমানকোঠ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত বিশাল যোগদান সমাৰোহত বিজেপিত যোগদান কৰা সকলক দলীয় টুপী পিন্ধাই আদৰণি জনায় অসমৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী তথা সমাজসেবিকা ৰিণিকী ভূঞা শৰ্মাই। এই উপলক্ষে বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ দাসে আঁত সভাত ভাষণ প্ৰসংগত ৰিণিকী ভূঞা শৰ্মাই আগন্তুক লোকসভাৰ নিৰ্বাচনত বিজেপিক কিয় আমি ভোট দিব লাগে তাৰ বিশদ বাখ্যা দাঙি ধৰি কয় বিৰোধী দলে সমালোচনা কৰাৰ দৰে বিজেপি দলে হিন্দু – মুছলমানৰ ৰাজনীতি নকৰে। কৰে উন্নয়নৰ ৰাজনীতি ।

অৰুণোদয় আচঁনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আদি আঁচনি ৰূপায়ণত বিজেপি চৰকাৰে কোনো ধৰণৰ হিন্দু – মুছলমানৰ ৰাজনীতি কৰা নাই আৰু নকৰে। আনহাতে ৰিণিকী ভূঞা শৰ্মাই আগন্তুক লোকসভাৰ নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক বিপুল ভোটৰ ব্যৱধানত বিজয়ী কৰিবলৈও সকলোকে আহ্বান জনায় । সভাত বিজেপিৰ কিষণ মৰ্চাৰ উপ সভাপতি ৰঞ্জিত ভট্টাচাৰ্য , গুৱাহাটী জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি টি ৰাজীৱ আহমেদ , বিমানকোঠ মণ্ডল সমিতিৰ সভাপতি পদ্মেশ্বৰ মজুমদাৰ , মণ্ডল সমিতিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি ইছলাম আলী, সাধাৰণ সম্পাদক সম্পাদক জেহেৰুল ইছলাম প্ৰমুখ্যে কেবাজনো নেতা উপস্থিত থাকে ।

সভাত কেবাজনও চৰকাৰৰ জনমুখি আঁচনি আৰু উন্নয়নৰ অংশীদাৰ হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি আগন্তুক দিনত গুৱাহাটী লোকসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক কিদৰে অধিক ভোটত বিজয়ী কৰিব পাৰি তাৰ বাবে হাতে – কামে নামি পৰিবলৈ আহ্বান জনায়। সভাত অঞ্চলটোৰ কেবাজনো জ্যেষ্ঠ নাগৰিক ক্ৰমে – হাজী চাহাবুদ্দিন আহমেদ, মহচিন আলীকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। ইফালে ভাৰত মাতা কি জয়, নৰেন্দ্ৰ মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা , বিজেপি জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈ পৰা সভাখন ৰাষ্ট্ৰীয় সংগীতৰে সামৰণি মৰা হয়।

Leave A Reply