Breaking

মাজুলীত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিকে প্ৰমুখ্য কৰি প্ৰায় ২৫০ লোকৰ ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান…

0 30

আজি ভাৰতীয় জনতা পাৰ্টি,মাজুলী জিলাৰ উদ্যোগত মাজুলী মিনি ষ্টেডিয়াম, গড়মূৰত আয়োজিত “বিশাল গণ সমাৱেশ”ত অংশগ্ৰহণ কৰি মাজুলীবাসী ৰাইজক সম্বোধন কৰে ভৱেশ কলিতাই । উক্ত সমাৱেশত বিজেপিৰ প্ৰতি ৰাইজৰ অকৃত্ৰিম সঁহাৰি তথা সমৰ্থন দেখি সঁচাকৈ আপ্লুত ।


আজিৰ সমাৱেশত দলৰ প্ৰতি আকৃষ্ট হোৱাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বধীন ডাবুল ইঞ্জিনৰ চৰকাৰৰ বিকাশমুখী যাত্ৰাৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ, গণ শক্তি দলয় কাৰ্যকৰ্তা, ৱাৰ্ড সদস্য, পঞ্চায়তৰ সভাপতি আদিৰ উপৰিও সামাজিক ক্ষেত্ৰৰ লগত জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিকে প্ৰমুখ্য কৰি প্ৰায় ২৫০ লোকে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে।


মাজুলীবাসী ৰাইজৰ এই সঁহাৰিয়ে প্ৰমাণ কৰিলে যে দেশত পুনৰ এবাৰ মোদী চৰকাৰ নিশ্চিত। আজি ভাৰতীয় জনতা পাৰ্টি দলত নতুনকৈ যোগদান কৰা সমূহ কাৰ্যকর্তাক দলৰ মজিয়ালৈ উষ্ম আদৰণি জনোৱাৰ লগতে মাজুলীবাসীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ভৱেশ কলিতাই।

Leave A Reply