Breaking

কংগ্ৰেছ, ইউপিপিএল, বিজেপি দলৰ প্ৰায় ৩০০০লোকে যোগদান কৰিলে বিপিএফত

0 39

প্ৰমোদ বড়োই ট্ৰেক্টৰ খন অলপ বেছি স্পীদত মাৰুতি-টয়তাৰ দৰে চলাইছে গতিকে প্লাটি খাবই- এইদৰে প্ৰমোদ বড়োক কটাক্ষ কৰে বিপিএফ সভাপতি তথা বিটিচি ৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে।

সোমবাৰে বিটিচিৰ পানেৰী অজনজাতি সমষ্টিৰ অন্তৰ্গত ওৰাংগাজুলিত অনুষ্ঠিত এক দলীয় সভাত উপস্থিত থাকি আগন্তুক নিৰ্বাচনত বিপিএফ দলক ভোট দিবলৈ আহ্বান জনায়। তেওঁ প্ৰমোদ বড়োয়ে মহিলা অত্মসহায়ক গোট সমূহক প্ৰদান কৰিব লগা ৭৫ হাজাৰ টকা লাগে নে মাটিৰ পট্টা লাগে বুলি প্ৰশ্ন উত্থাপন কৰি কয় যে যদি টকা লাগে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলক ভোট দিয়ক আৰু যদি মাটিৰ পট্টা লাগে বিপিএফ ভোট দিয়ক।

প্ৰমোদ বড়োই বিটিচি শেষ কৰাৰ তেওঁ অভিযোগ কৰি বিটিচি ৰক্ষা কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। প্ৰমোদ বড়োয়ে অবৈধভাৱে বিটিআৰত উচ্ছেদ চলাই মানৱীয় ভূ-লুন্ঠিত কৰাৰ অভিযোগ কৰি তেওঁ ২০০৩ চনত বিটিচি চুক্তিৰ আগতে বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ লোক বিটিচি নাগৰিক সেয়ে তেওঁ শাসন কালত সকলোৱে আত্মমৰ্যাদা সহ বসবাস কৰিব পাৰিছিল আৰু অনাগত দিনটো পাৰিব বুলি মন্তব্য কৰে।

তেওঁ পৰিবৰ্তি সময়ত বিপিএফ ৰ শাসন ভাৰ লৈ প্ৰথমে বিটিআৰ বাসীক মাটিৰ পট্টা প্ৰদান কৰিব বুলি মন্তব্য কৰে। প্ৰমোদ বড়োয়ে পৰিবৰ্তনৰ নামত লুন্ঠন চলাইছে সেয়া বিটিআৰৰ সাধাৰণ ৰাইজে ইতিমধ্য বুজিছে বুলি উল্লেখ কৰে। বিটিআৰ ননৈ চেৰফাং মণ্ডল সমিতিৰ উদ্যোগত আৰু ভেৰগাঁও জিলা সমিতিৰ সহযোগত মেগা যোগদান কাৰ্যসূচীত পানেৰী সমষ্টি প্ৰাক্তন বিধায়ক কমলী বসুমাৰীয়ে আদৰণী ভাষণেৰে শুভৰাম্ভ কৰা অনষ্ঠানটি বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী, সাধাৰণ সম্পাদক মনেশ্বৰ বহ্ম, উপসভাপতি ৰবিনছন মোচাহাৰী,কলাইগাঁওৰ বিধায়ক দুৰ্গা দাস বড়ো, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, প্ৰাক্তন কাৰ্য্যবাহী সদস্য সুৰেশ তান্তী, প্ৰাক্তন কাৰ্য্যবাহী সদস্য লুমস্ৰাও দৈমাৰী, প্ৰাক্তন কাৰ্য্যবাহী সদস্য জগদীশ সৰকাৰ, কাৰ্য্যকৰী সভাপতি ৰিঞ্জয় বড়ো, গোৰ্খা, আদিবাসী, সংখ্যালঘু, ৰাভা, নাথ-যোগী অদিকে ধৰি বহু জাতি-জনগোষ্ঠীৰ কোষৰ সভাপতি-সম্পাদকে ধৰি দলীয় কৰ্ম-কৰ্তা ৰ উস্থিতিত আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উপসভাপতি , তথা চাহ আৰু চাহ প্ৰাক্তন শ্ৰমিক মজদুৰ কংগ্ৰেছ সমিতি প্ৰাক্তন ৰাজ্যিক সম্পাদক লগতে তেওঁ বিগত বিটিচি নিৰ্বাচনত ননৈ চেৰফাং পৰিষদী সমষ্টি কংগ্ৰেছ প্ৰাৰ্থী কংগ্ৰেছ নেতা পল টপ্প নেতৃত্ব দুই শতকৈ অধিক মুঠ প্ৰায় ছয় শ, বিজেপি পোন্ধৰ শ, ইউপিপিএল চাৰি শ ৰ লগতে অৰাজনৈতিক সংগঠমৰ সৈতে প্ৰায় তিনি হেজাৰ লোকে বিপিএফ দলত যোগদান কৰে।

Leave A Reply