Breaking

অসম আৰক্ষীয়ে অসমৰ ৰাইজক মেঘালয়লৈ নাযাবলৈ জনাইছে আহ্বান-মেঘালয়ত আৱদ্ধ অসমকে ধৰি বহিঃৰাজ্যৰ ৩২ খন বাহন, ৩ বিদেশী পৰ্যটক…

0 58

অসম-মেঘালয়ৰ মাজত সংঘটিত হোৱা গুলীচালনাৰ ফলত বৰ্তমান দুয়োখন ৰাজ্যতেই এক চেপা উত্তেজনা বিৰাজমান। অসমৰ পঞ্জীয়নকৃত বাহন মেঘালয়ত প্ৰৱেশত বাধা আৰোপ কৰিছে। লগতে অসম আৰক্ষীয়ে অসমৰ ৰাইজক মেঘালয়লৈ নাযাবলৈ আহ্বান জনাইছে।

মঙলবাৰে শ্বিলঙত অসমৰ পৰা যোৱা বাহন জ্বলোৱা হৈছে বুলি জানিব পৰা গৈছে। বৰ্তমান বহু পৰ্যটকৰ লগতে বাহন মেঘালয়ত আৱদ্ধ হৈ আছে। উল্লেখ্য যে, মেঘালয়ত অসমৰ এটা শিল্পী দল আৱদ্ধ হোৱাৰ লগতে চেৰাপুঞ্জীত অসমৰ ৭খন বাহন আৱদ্ধ হৈ আছে। মেঘালয়ত এই পৰ্যন্ত অসমকে ধৰি মুঠ ৩২খন বাহন আৱদ্ধ হৈ আছে। জানিব পৰা মতে, ৩ জন বিদেশী পৰ্যটকো ৰাজ্যখনৰ বিশ্ববিদ্যালয় নেহু (NEHU)ত আৱদ্ধ হৈ আছে। এই তথ্য নৰ্থ–ইষ্ট পুলিচ এছ’চিয়েছনৰ পৰা

ইফালে অসম চৰকাৰে মুক্ৰ’ কাণ্ডৰ তদন্ত ঘোষণা কৰিছে। এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীয়ে ৩ মাহৰ ভিতৰত উক্ত তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়ে।

মন কৰিবলগীয়া যে, আজি মুক্ৰ’ অঞ্চললৈ কাৰ্বি পৰিষদৰ এটা দলে ঘটনাটোৰ বুজ ল’বলৈ
মেঘালয়লৈ যাব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়েও মুক্ৰ’ অঞ্চলটো পৰিদৰ্শন কৰিব। বৰ্তমান সীমান্তত আৰক্ষী–CRPFৰ বৃহৎ দল মোতায়েন কৰা হৈছে।

এইখিনিতেই উল্লেনীয় যে, ২২ নৱেম্বৰৰ পুৱা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত জিৰিকিন্দিং আৰক্ষী থানাৰ অন্তৰ্গত মক্ৰত অবৈধ কাঠ সৰবৰাহক লৈ অসমৰ বন বিষয়া আৰু খাচী দুৰ্বৃত্তৰ মাজত বাক-বিতণ্ডাৰ সময়ত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনাত মেঘালয়ৰ ৫ জন লোক আৰু অসমৰ এজন বনকৰ্মীৰ মৃত্যু হয়।

মুক্ৰ’ কাণ্ডক লৈ মেঘালয় চৰকাৰ উদ্বিগ্ন হৈ আছে আৰু এই ঘটনাৰ বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাত্‍ কৰি অৱগত কৰাৰ সিদ্ধান্ত লৈছে মেঘালয় চৰকাৰে। ইয়াৰোপৰি মেঘালয় চৰকাৰে ঘটনা সন্দৰ্ভত NIA, CBIৰ দ্বাৰা তদন্তৰ দাবী কৰে। কেন্দ্ৰীয় সংস্থাই গোচৰটো গ্ৰহণ নকৰালৈকে এই কাণ্ডৰ তদন্তৰ বাবে মেঘালয় চৰকাৰে SIT গঠন কৰিব, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ ওচৰত  সমগ্ৰ বিষয়টো উত্থাপন কৰিব বুলি ব্যক্ত কৰে। ৩০ নৱেম্বৰলৈ মেঘালয়ৰ সকলো চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান বাতিল কৰাৰ ঘোষণা কৰে ৰাজ্যখনৰ চৰকাৰে। পৰিস্থিতি অধিক ভয়াৱহ নহ’বলৈ মেঘালয় চৰকাৰে ইয়াৰ একাংশ জিলাত ইণ্টাৰনেট সেৱাও বন্ধ কৰিছে।

Leave A Reply