Breaking

উত্তৰ পুৰুষৰ মঞ্চৰ সৌজন্যত হাউলী ৰাস মহোৎসৱত চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন…

0 141

ক’ৰোনাকালীন বিভীষিকাময় দুটা বছৰৰ পিছত সামাজিক,সাহিত্য আৰু প্ৰাকৃতিক সংগঠন ” উত্তৰ পুৰুষৰ মঞ্চ”ৰ সৌজন্যত হাউলী ৰাস মহোৎসৱৰ সহযোগত যোৱা ১৩ নৱেম্বৰ দেওবাৰে “ৰং তুলিকাৰ পৃথিৱীত নীলপবন বৰুৱাৰ শ্ৰদ্ধাৰ্ঘ আৰু অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ যায়।

৯৫ সংখ্যক হাউলী ৰাস মহোৎসৱৰ সভাপতি মুনীন্দ্ৰ দাসে উদ্বোধন কৰা শ্ৰদ্ধাৰ্ঘ অনুষ্ঠানটোত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লাইভ প্ৰ’ট্ৰেইট শিল্পী পান্না বৰ্মনে উত্তৰ পুৰুষৰ মঞ্চৰ মুখ্য সম্পাদক তথা বিশিষ্ট কবি দিবাকৰ ৰেণুৱে পাঠ কৰা তেওঁৰ স্বৰচিত কবিতা “এখন ছবিৰ নাম নীলপবন”ৰ পঠনকালত প্ৰয়াত চিত্ৰশিল্পী নীলপবন বৰুৱালৈ শ্ৰদ্ধা নিবেদন কৰি একৰিলিক মাধ্যমেৰে আৰু ভেনগঘৰ অংকনৰ আৰ্হিত শ্ৰদ্ধাৰ চিত্ৰশিল্পী গৰাকীৰ এটি লাইভ প্ৰ’ট্ৰেইট অংকন কৰি ৰাইজৰ বিপুল সমাদৰ পায়।উত্তৰ পুৰুষৰ মঞ্চৰ পঞ্জীয়ন কমিটিৰ সভানেত্ৰী ,মানৱদৰদী সমাজকৰ্মী ড°অনিমা বৰাই আদৰণি ভাষণ ৰখা চিত্ৰাংকন প্ৰতিযোগিতাখন শুভাৰাম্ভ কৰা হয় মঞ্চৰ শীৰ্ষক সংগীতেৰে।প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা চিত্ৰাংকন প্ৰতিযোগিতাখনত প্ৰতিযোগীসকলক উদ্দ্যেশি বক্তব্য প্ৰদান কৰে উপসভানেত্ৰীদ্বয় ক্ৰমে ডা°বিজুজ জাহান চালেহা বেগম আৰু ববিতা বৈশ্য লহকৰে।

অনুষ্ঠানত উত্তৰ পুৰুষৰ মঞ্চৰ ধুবুৰী শাখা উপদেষ্টা শিমূল সৰকাৰ আৰু সদস্যা মনোৱাৰা বেগমেও বিষয়বস্তুৰ ওপৰত বক্তব্য প্ৰদান কৰে।প্ৰতিযোগিতাখনত অংশ লোৱা প্ৰতিগৰাকী প্ৰতিযোগীলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই মঞ্চৰ মুখ্য সম্পাদক দিবাকৰ ৰেণুৱে।প্ৰতিযোগিতাখনত “ক”-শাখাত প্ৰথম,দ্বিতীয়,তৃতীয় আৰু উদগনি পুৰস্কাৰ লাভ কৰে ক্ৰমে– অনুভৱ তালুকদাৰ,বিস্তীৰ্ণা তালুকদাৰ,অংশুমা ৰামচিয়াৰী আৰু তামান্না আফৰিন। আনহাতে “খ” শাখাত–প্ৰথম,দ্বিতীয়,তৃতীয় আৰু উদগনি পুৰস্কাৰ লাভ কৰে ক্ৰমে–বংকিম পাঠক,আনিছা আকতাৰ,স্মিতা দাস আৰু জেমিনা আহমেদে।আটাইবোৰ পুৰস্কাৰপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক গ্ৰন্থৰ টোপোলা আৰু প্ৰমাণ পত্ৰৰে অনুষ্ঠানৰ শেষত পুৰস্কৃত কৰা হয়।উত্তৰ পুৰুষৰ মঞ্চৰ সৌজন্যত আয়োজিত এই অনুষ্ঠানত শিল্পী পান্না বৰ্মনে অংকন কৰা নীলপবন বৰুৱাদেৱৰ ছবিখন হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিলৈ অৰ্পণ কৰে প্ৰচাৰ উপসমিতিৰ সভাপতি অশোক বোথৰাৰ হাতত।উত্তৰ পুৰুষৰ মঞ্চই প্ৰতিবছৰে শিশুসকলৰ বৌদ্ধিক আৰু শৈল্পিক মনোভাৱ বিকাশৰ বাবে আয়োজন কৰা এই অনুষ্ঠানক সৰ্বস্তৰৰ ৰাইজে সাধুবাদ দিয়ে।

Leave A Reply