Breaking

লাইমেকুৰীত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ সভা…

0 14

জ’নাইৰ লাইমেকুৰী একাডেমীৰ প্ৰাঙ্গণত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসম, ধেমাজি জিলা সমিতিৰ এখনি কাৰ্য্যনিৰ্বাহক সভা দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় । আজিৰ কাৰ্য্যনিৰ্বাহক সভাত পলাশ মেদকে সভাপতিত্বত কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ৰাজীৱ বড়ীয়ে । উল্লেখ্য যে ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তৰ দাঁতি-কাষৰীয়া অঞ্চলত অসমৰ খিলঞ্জীয়া প্ৰায় এশ জনগোষ্ঠীক লৈ বৰঘৰ স্থাপন কৰি, এই বৰঘৰৰ জৰিয়তে

অসমৰ প্ৰতিটো জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি ঐক্যবদ্ধভাৱে একেখন মঞ্চৰ জৰিয়তে উপস্থাপন কৰি মহা-অসমীয়া জাতি ৰূপে বিশ্বৰ বিশাল মঞ্চত পৰিচিত কৰোৱাই হ’ল জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ মুখ্য উদ্দেশ্য আৰু প্ৰয়াস ৷ সেই উদ্দেশ্য আজি পলাশ মেদকৰ সভাপতিত্ব সংগঠনটোৰ বিভিন্ন দিশত ওপৰত আলোচনা কৰে । উক্ত অনুষ্ঠানত জ’নাইৰ প্ৰকৃতিপ্ৰেমী তুকেশ্বৰ মিৰি আগৰৱালাই উপস্থিত থাকি সংগঠনটোৰ বিষয়ে বিশদভাৱে বক্তব্য

প্ৰদান কৰে । লগতে সংগঠনটোৰ সৰ্বতোপ্ৰকাৰ উত্তৰণৰ বাবে প্ৰতিটো সময়ত সহায় তথা পৰামৰ্শ আগবঢ়াৰ আশ্বাস দিয়ে । এই কাৰ্য্যসূচীতে জোনাইৰ বিশিষ্ট সমাজকৰ্মী বীৰ বাহাদুৰ লিম্বুৱে সাংস্কৃতিক দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে । আৰু এই সমাজত এনেধৰণৰ এখন ঐক্যমঞ্চৰ প্ৰয়োজন বুলি পোষকতা কৰে । জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ, অসম ধেমাজি জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অহা ২০ জুন তাৰিখে ৰাভা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উৎযাপন কৰাৰ সিদ্ধান্ত লয় ।

Leave A Reply