Breaking

গোৱালপাৰা সৈনিক স্কুলৰ ছাত্ৰ পাৰ্থ প্ৰতিম নাথক মানসিকভাৱে ভাৰাক্ৰান্ত কৰি চৰম সিদ্ধান্ত লােৱাৰ অভিযোগত প্ৰেমিকাৰ বিৰুদ্ধে এজাহাৰ দাখিল…

0 137,249

গোৱালপাৰা সৈনিক স্কুলৰ মেধাৱী ছাত্ৰ ডিমাকুছিৰ পাৰ্থ প্ৰতিম নাথক মানসিকভাৱে ভাৰাক্ৰান্ত কৰি আত্মহত্যা

টংলাৰ জয়শ্ৰী ডেকা শৰ্মা আৰু প্ৰেমিকা নিশিগন্ধা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল

ডিমাকুছিৰ পাৰ্থ প্ৰতিম নাথক মানসিকভাৱে ভাৰক্ৰান্ত কৰি আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা টংলাৰ ৪নং ওৱাৰ্ডৰ জয়ন্ত শৰ্মাৰ পত্নী আৰু কন্যা জয়শ্ৰী ডেকা শৰ্মা আৰু নিশিগন্ধা শৰ্মাৰ বিৰুদ্ধে ডিমাকুছি আৰক্ষী থানাত পাৰ্থ প্ৰতিম নাথৰ পিতৃ বিজয় শংকৰ নাথে এজাহাৰ দাখিল কৰিছে।। প্ৰাপ্ত তথ্য মতে ডিমাকুছি আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰা অনুসৰি ওদালগুৰি জিলাৰ ডিমাকুছিৰ ১নং উত্তৰ ডিমাকুছি গাঁৱৰ ৰ বিজয় শংকৰ নাথৰ পুত্ৰ পাৰ্থ প্ৰতিম নাথে যোৱা ১২ মে” তাৰিখে ডিমাকুছিস্থিত নিজা বাসগৃহত নিশা প্ৰায় ১১-১৫ বজাত ঘৰত কোনো নথকা সময়ত ৰূমত চিপজৰী লৈ ওলমি থকা দৃশ্যটো পিতৃয়ে প্ৰত্যক্ষ কৰি হুৱা দুৱা লগায় ৷ ওচৰ চুবুৰীয়াৰ সহযোগত লগে লগে ডিমাকুছি আদৰ্শ চিকিৎসালয়লৈ লৈ যোবা হয় যদিও চিকিৎসা বিষয়াই মৃত্যু হৈছে বুলি ঘোষণা কৰে বুলি এজাহাৰখনত উল্লেখ কৰিছে।


এজাহাৰখনত উল্লেখিত তথ্য মৰ্মে ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত ফাৰ্মাছিষ্ট বিজয় শংকৰ নাথে ঘটনাৰ নিশাই তেওঁৰ পুত্ৰ পাৰ্থ প্ৰতিম নাথে আত্মহত্যা হত্যা কৰা বুলি আৰক্ষী থানাত জনাইছিল। ১৩মে’ত মৃতদেহটো সৎকাৰ কৰি আহি পুত্ৰৰ মোবাইল ফোনৰ বিতং তথ্য যেনে-ভয়েজ মেছেজিং,ভইজ ৰেকৰ্ডিং,হোবাটছপ মেচেজিং,বিভিন্ন ফটো ক্লিপ আদিৰ তথ্য অনুসৰি পাৰ্থ প্ৰতিম নাথে স্বইচ্ছাই আত্মহত্যা কৰা নাই বুলি এজাহাৰখনত প্ৰকাশ কৰে আৰু পাৰ্থ প্ৰতিম নাথক মানসিকভাবে ভাৰক্ৰান্ত কৰি হত্যা কৰা বুলি উল্লেখ কৰে।আত্মহত্যাৰ বাবে টংলাৰ ৪নং ওবাৰ্ডৰ জয়ন্ত শৰ্মাৰ পত্নী জয়শ্ৰী ডেকা শৰ্মা আৰু প্ৰেমিকা নিশিগন্ধা শৰ্মা প্ৰত্যক্ষভাবে জড়িত বুলি এজাহাৰখনত স্পষ্টকৈ উল্লেখ কৰে । গোৱালপাৰা জিলাত অৱস্থিত সৈনিক স্কুলৰ মেধাৱী ছাত্ৰ পাৰ্থ প্ৰতিম নাথে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ মৃত্যুৰ পিছদিনা ঘোষণা কৰা ফলাফল অনুসৰি তিনিটা বিষয়ত লেটাৰ নম্বৰসহ ৭৮ শতাংশ লাভ কৰি কৃতিত্বৰে উত্তীৰ্ণ হৈছে।

ইতিমধ্যে এন ডি এ আৰু জেইই পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হৈ বাছনি হৈছে। এনেকোৱা এগৰাকী অত্যন্ত মেধাৱী ছাত্ৰৰ অকাল মৃত্যুক পৰিয়াল তথা ওদালগুৰি জিলাৰ সচেতন মহলে সহজভাৱে নলৈ উচিত তদন্ত কৰিবলৈ প্ৰশাসনক অনুৰোধ জনাইছে।এজাহাৰ দাখিল কৰাৰ পিছত বিজয় শংকৰ নাথৰ নিজা ভাতৃ ভাগ্যজ্যোতি নাথে সাংবাদিকক জনাই যে তেখেতৰ ভতিজা, এগৰাকী অত্যন্ত মেধাৱী ছাত্ৰ পাৰ্থ প্ৰতিম নাথক মানসিকভাৱে ভাৰাক্ৰান্ত কৰি আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা মাতৃ আৰু জীয়াৰীক কঠোৰ শাস্তি প্ৰদান কৰিলেহে পাৰ্থ প্রতিমৰ আত্মাই চিৰশান্তি লাভ কৰিব। ব্লেকমেইলিং তথা অন্যান্য যিকোনো ধৰণৰ কাৰকতে যাতে আৰু মাতৃৰ বুকু শুদা কৰি এনে ধৰণৰ দূৰ্ভাগ্যজনক আপমৃত্যু নঘটে তাৰবাবেও সকলোৱে সজাগ হবলৈ আহ্বান জনাইছে।পাৰ্থ প্ৰতিম নাথৰ পিতৃ, মাতৃ , খুৰাক তথা স্থানীয় ৰাইজে উচিত তদন্ত কৰি প্ৰশাসনক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে।

Leave A Reply