Breaking

শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ, দৰং জিলা অধিবেশনৰ প্ৰস্তুতি তুংগত…

0 56

দৰঙৰ কটাহী ৰাইজঘাটত ডেকাগিৰি আঞ্চলিক শাখাৰ ব্যৱস্থাপনা আৰু ৰাইজৰ সহযোগত মুক্তিযুঁজাৰু ৰমাকান্তু ডেকা সমন্বয় ক্ষেত্ৰত ৩,৪,৫ ফেব্ৰুৱাৰী’২০২৩ তাৰিখে অনুষ্ঠিত হবলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঙ্ঘ,দৰং জিলা শাখাৰ বাৰ্ষিক অধিবেশন উপলক্ষে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে।

 অধিবেশনৰ আদৰনি সমিতিয়ে ইতিমধ্যে সকলো প্ৰয্যায়ৰ প্ৰস্তুতি  উপসমিতি সমুহৰ দ্বাৰা আগবঢ়াই নিয়াত ব্যস্ত হৈ পৰিছে  ভকতসকল  ৷ আনহাতে ২৭ নবেম্বৰ দেওবাৰে জিলা অধিবেশনৰ লাইখুটা স্থাপন অনুষ্ঠানৰ বাবে ১০খন প্ৰাথমিকৰ আইমাতৃ আৰু বাপবান্ধৱ সকল ব্যস্ত হৈ পৰিছে  নৰাকতা কৰ্মত ৷

অধিবেশনখন সাফল্যমণ্ডিত কৰাৰ বাবে বিপুল উৎসাহেৰে অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে ভকত বৃন্দকে ধৰি স্থানীয় ৰাইজ ৷ দৰংজিলাৰ ভিন্নপ্ৰান্তৰ বাপবান্ধৱ,আই-মাতৃ,শিশু,যুৱক-যুৱতী, আৰু ৰাইজেৰে পৰিপূৰ্ণ হবলগীয়া ভক্তগণক আদৰিবলৈ সাজু আদৰণি সমিতি ।

Leave A Reply