Breaking

তামুলপুৰত টেণ্ডাৰ পেটেলছৰ নতুন বিদ্যালয় উদ্বোধন কৰিলে গৰিমা শইকীয়া গাৰ্গে :

0 84

বিটিআৰৰ তামুলপুৰৰ মাজমজিয়াত আজি শুভাৰম্ভ হ’ল অসমৰ অভিজাত শিক্ষা প্ৰতিষ্ঠান টেণ্ডাৰ পেটেলছ্‌ৰ এখন নতুন বিদ্যালয় ৷ শিশুৰ শিক্ষা, চৰিত্ৰ গঠন আৰু মানসিক বিকাশৰ বাবে অসমৰ লগতে দেশৰ আন ৰাজ্যটো সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা গুৱাহাটীস্থিত টেণ্ডাৰ পেটেলছ্‌ৰ তামুলপুৰৰ বিদ্যালয়খন ২৩ নং বিদ্যালয় ৷ তামুলপুৰ – – নাগ্ৰীজুলি পথত এসময়ৰ কৃতী শিক্ষক তথা সমাজহিতৈষী প্ৰয়াত অমূল্য মজুমদাৰৰ বাসভৱনত আৰম্ভ কৰা বিদ্যালয়খনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসমৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ , জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ৷ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে তামুলপুৰ এমইএছৰ ব্ৰিগেদিয়াৰ এম ৰবিশংকৰ , প্ৰাঞ্জল মজুমদাৰ, চিন্ময় ডেকা আৰু বাসৱী আচাৰ্য ৷ ইপিনে অনুষ্ঠানৰ সামৰণিৰ অন্তত গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমৰ সতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয়


এইখন শিক্ষানুষ্ঠানে গীত মাতৰ মাজেৰে , খেলৰ মাজেৰে তামুলপুৰৰ শিশু সকলৰ সৰ্বাংগীন বিকাশত অৰিহণা যোগাব ।
তামুলপুৰৰ লগত জুবিন গাৰ্গৰ সম্পৰ্ক সম্পৰ্কত সোধা এক প্ৰশ্নৰ উত্তৰত গৰিমা শইকীয়া গাৰ্গে কয় জুবিন গাৰ্গে হাইস্কুলীয়া জীৱন তামুলপুৰতে পাৰ কৰিছিল । তামুলপুৰৰ পৰাই তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল । এতিয়া তামুলপুৰত নাথাকিলেও জুবিন গাৰ্গৰ সহপাঠী , শিক্ষাগুৰু আদিৰ লগত জুবিন গাৰ্গে মধুৰ সম্পৰ্ক বজাই ৰাখিছে । যিহেতু মই তেওঁৰ পত্নী গতিকে মোৰো তামুলপুৰৰ লগত অভিন্ন সম্পৰ্ক আছে । সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় অসমত ইমানখিনি থলুৱা গীত মাত আছে ।

এই থলুৱা গীত মাত সমূহৰ সকলোখিনি নোৱাৰিলেও যিমানখিনি পাৰি উলিয়াই আনি সংৰক্ষণ কৰাৰ লগতে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰিবলৈ স্বামী জুবিন গাৰ্গক আহ্বান জনায় গৰিমা শইকীয়া গাৰ্গে । ইপিনে নতুনকৈ মুক্তি লাভ কৰা অসমীয়া চিনেমা ডাক্তৰ বেজবৰুৱা ২ চাবলৈ সকলোকে আহ্বান জনায় গৰিমা শইকীয়া গাৰ্গে ।

Leave A Reply