Breaking

কামপুৰৰ এটা পথে জ্বলাকলা খুৱাইছে ৰাইজক

0 64

পথ নহয় যেন পুখুৰীহে। কামপুৰৰ এটা পথে জ্বলাকলা খুৱাইছে ৰাইজক। কামপুৰ-কাৰ্বিআংলং সংযোগী একমাত্ৰ মূল পথত পুখুৰী সদৃশ গাঁত।

পুৰণি বাছ স্থানৰ সমীপৰ গুৰুকুল ইংলিছ স্কুলৰ সন্মুখৰ এই পথটোৱে এতিয়া নিদ্ৰা হৰিছে জনতাৰ।

অভাৰ লোড বালি গাড়ীৰ লগতে গধুৰ যান-বাহন চলাচল হোৱাৰ বাবেই ভাঙি গৈছে পথছোৱা।

বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে এজাক বৰষুণ দিলেই যাতায়ত ব্যাহত হৈ পৰে পথচোৱাত। বৰ্তমানে চকু মুদা কুলিৰ ৰূপত গড়কাপ্তানি বিভাগ। শীঘ্ৰে পথছোৱা মেৰামতি কৰিবলৈ আহ্বান স্থানীয় লোকৰ।
-খাইৰুল ইছলাম, কচুৱা

Leave A Reply